
বাইহাটা চাৰিআলিঃ কামৰূপৰ বাইহাটা চাৰিআলিত এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰা৷
বাইহাটা চাৰিআলিৰ সমীপৰ কৰৰাত সংঘটিত হয় এই ঘটনা৷ কৰৰা শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে পথ অতিক্ৰম কৰিব খোজেতেই ট্ৰাক খনে খুন্দা মাৰে৷ আৰক্ষীয় বাইহাটা চাৰিআলিত ট্ৰাকখন জব্দ কৰাৰ লগতে চালকক আটক কৰা বুলি জানিব পৰা গৈছে৷