
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰিত গছৰ ডাল কাটিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী লোকে মৃত্যুক আকোৱালি লোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শোণিতপুৰৰ মিছামাৰীত দেওবাৰে নিচেই পুৱাতে বিদ্যুতস্পৃষ্ট হৈ ঢেকীপেলুৱা কছাৰী গাঁৱৰ বাসিন্দা দৰিদ্ৰ মহেশ্বৰ বিশ্বকৰ্মা ওৰফে গৰে (৫৫)ৰ মৃত্যু হয়৷ কাহিলীপুৱাতে শোৱাপাটি এৰি ছাগলীৰ খাদ্য বিচাৰি গৈ ঘৰৰ পৰা কিছু নিলগৰ এডাল গছত উঠে বিশ্বকৰ্মাই৷
গছ জোপাৰ ওচৰেৰ পাৰ হৈ গৈছে ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাৰ৷ গছত উঠি ডাল কাটে যদিও ডালগৈ পৰে এঘাৰ হাজাৰ ভল্টৰ তাঁৰত৷ কেচা ডাল তাঁৰত পৰি বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয় বিশ্বকৰ্মাৰ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে বিদ্যুত বিভাগৰ কাৰ্যালয়ত খবৰ দিয়াত বিদ্যুৎ সেৱা ব্যাহত কৰে৷
দৰিদ্ৰ লোকজনৰ মৃতদেহ গছতে ওলমি থাকে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰে। কিছুদিন পূৰ্বে অঞ্চলটোৰ ১নং ধানমৰা গাঁৱৰ এগৰাকী মহিলাই হাতত বাঁহৰ ডাং লৈ খৰি বিচাৰি যাওঁতে উচ্চ ক্ষমতা সম্পন্ন তাঁৰত লাগি মহিলাগৰাকীৰ মৃত্যু লৈছিল। এনে ঘটনাৰ দ্বাৰা শিক্ষা লোৱাৰ বিপৰীতে একাংশই বাৰে বাৰে একে ভুলকে কৰি আহিছে৷