মাতব্বৰৰ শাসন, গোলকগঞ্জত গছত বান্ধি কোবাই কোবাই হত্যা কৰিলে এজনক

গোলকগঞ্জঃ গৰু চুৰি কৰাৰ অপৰাধত আইন হাতত তুলি লৈ ৫গৰাকী দস্যু লোকে এগৰাকী লোকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত মধ্যকাচখানা গাঁৱত সংঘটিত হয় এই ঘটনা৷ শনিবাৰে নিশা মাতব্বৰ আইন প্ৰয়োগ কৰি আনোৱাৰ হুছেইন নামৰ লোক এজনক বেয়াকৈ পৰ্হাৰ কৰে ৫ গৰাকী লোকে৷

গছত বান্ধি গৰু চুৰি কৰাৰ অভিযোগত মাৰপিট কৰাত নিশাই লোকজনৰ মৃত্যু হয়৷ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰে। জানিব পৰা মতে, মধ্যকাচখানা গাঁৱৰ আনোৱাৰ হুছেইন নামৰ লোক জনে নিশা দহ বজাত পাগলাহাট বজাৰৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত ঘৰৰ পৰা প্ৰায় দুশ মিটাৰ নিলগত কেইগৰাকী মান লোকে তেওক বেয়াকৈ মাৰ-ধৰ কৰে৷

মাৰ ধৰ কৰিয়ে ক্ষ্ষান্ত নাথাকি গংগাধৰ নৈৰ পাৰলৈ লাায়৷ তাত প্ৰায় দুঘন্টা ধৰি মাৰ-পিট কৰি গছত বান্ধি থয়৷ তাৰ পিছত ছাত্তাৰ আলী নামৰ লোক এজনৰ ঘৰলৈ আহে তেওক৷ ছাত্তাৰৰ ঘৰতো আনোৱাৰক নৃশংস ভাবে মাৰধৰ কৰে৷ তাৰ পিছত পৰিয়ালে সংকটজনক অৱস্থাত আনোৱাৰক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে চিকিৎসকে।

দিনৰ ভাগত চিকিৎসাধীন অবস্থাত মৃত্যু হয় আনোৱাৰৰ। ঘৰুৱা বিবাদৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জাবিৰ পৰা গৈছে৷ পূৰ্বৰ পৰা সংঘাত হৈ থকাৰ বাবেই আনোৱাৰক হত্য কৰা বুলি পৰিয়ালে অভিোগ উত্থাপন হৈছে৷ পাগলাহাট থানাত পুৱাই বাৰগৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে জাকিৰ হুছেইন, আজাদ আলী, এনামূল হক, আব্দুল জলিল আৰু ইমান আলী নামৰ পাঁচ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।