টকাৰ বিনিময়ত মহিলা স্বাস্থ্যকৰ্মীক বদলি, ডিমৌত দুৰ্নীতি নিবাৰকৰ জালত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌত এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুৰ্নীতি নিবাৰক শাখাই সোণাৰিত কৰ্মৰত স্বাস্থ বিভাগৰ কৰ্মচাৰী বলো বৰগোহাঁইক আটক কৰে।

জানিব পৰা মতে, শিৱসাগৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা সোণাৰিত এখন হস্পিতালত কৰ্মৰত বলো বৰগোঁহায়ে এটি বিশেষ কাম কৰি দিয়াৰ বিনিময়ত অৰ্চনা পেগু নামৰ স্বাস্থ্যকৰ্মীগৰাকীৰ পৰা নগদ ধন বিচাৰিছিল। টকা নিদিলে কাম কৰি নিদিয়াত অৱশেষত অৰ্চনা পেগুৱে টকা দিবলৈ ৰাজি হৈছিল। 

কিন্তু অৰ্চনা পেগুৱে সেই খবৰ দিছিল দুৰ্নীতি নিবাৰক শাখাক। দুৰ্নীতি নিবাৰক শাখাই অৰ্চনা পেগুৰ খবৰৰ ভিত্তিত উপস্থিত হয় শিৱসাগৰত। একেলগে টকা খিনি লৈ বলো বৰগোঁহাইৰ ডিমৌস্থিত বাসগৃহত উপস্থিত হয় দুৰ্নীতি নিবাৰক শাখা। 

তাৰ লগে লগে লগে অৰ্চনা পেগুৱে বলো বৰগোঁহাইত টকা খিনি দি থকাৰ সময়তে হাতে লোটে ধৰে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা সোণাৰীৰ হস্পিতালত কৰ্মৰত বলো বৰগোঁহাইক। জানিব পাৰ মতে, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বলো বৰগোঁহায়ে স্বাস্থ্যকৰ্মী অৰ্চনা পেগুক বদলি কৰি দিয়াৰ প্ৰলোভন দি দাবী কৰিছিল ধন। অভিযানকালত বলো বৰগোঁহাইৰ ঘৰৰ পৰা নগদ ৩০ হাজাৰ টকা জব্দ কৰে অভিযানকাৰী দলটোৱে।