জম্মু কাশ্মীৰত সংঘৰ্ষৰ সময়ত দেহত গুলী লাগি ১৭ বছৰীয়া যুৱকৰ মৃত্যু

ডিজিটেল ডেস্কঃ দেওবাৰে জম্মু কাশ্মীৰৰ চপনিয়াৰ বগীদমত সেনা আৰু সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ লগাৰ সময়ত কেইবাগৰাকী সাধাৰণ নাগৰিকৰ দেহত গুলী লাগে৷ দেহ গুলী লগা এগৰাকী সাধাৰণ লোকে মৃত্যুক আকোৱালি লয়৷ ১৭ বছৰীয়া চুফাইল ভাটৰ এছএমএইচএছ হস্পাতালত মৃত্যু হয়৷ আহত যুৱকজনে মঙলবাৰে মৃত্যুক আকোৱালি লয়৷ চপিয়ানৰ নাগবৰ গাঁৱৰ বাসিন্দা আছিল যুৱকজন৷

দেওবাৰে সেনাৰে সংঘৰ্ষত হিজবুল মোজাহিদ্দিনৰ শীৰ্ষ নেতা চাদ্দাম পাদ্দেৰ, বিশ্ব বিদ্যালয়ক প্ৰৱক্তা মহম্মদ ৰফি সহ আন তিনিজন সাধৰণ নাগৰিক সহ ৫গৰাকী লোকৰ 
মৃত্যু হয়৷ তাৰ লগে লগে কেইবাগৰাকী লোকৰ দেহত গুলী লাগি চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়৷ চিকিৎসালয়ত ভৰ্তি কৰা চুফাইল ভাটৰ মৃত্যু হয়৷

মঙলবাৰে পুৱাৰে পৰা অঞ্চলটোৰ ব্যৱসায় প্ৰতিষ্ঠান, স্কুল-কলেজ সম্পূৰ্ণ বন্ধ থাকে৷ স্কুল-কলেজৰ পৰীক্ষাও বাতিল কৰা হয়৷ আনহাতে বিচ্ছিন্নতাবাদী নেতা ছৈয়দ আলী শ্বাহ গিলানী আৰু উমৰ ফাৰুকক গৃহ বন্দী কৰা হয়৷ মঙলবাৰেও উপত্যকাত কেইবাঠাইত সন্ত্ৰাসবাদী আৰু সেনাৰ সংঘৰ্ষ লগাৰ খবৰ পোৱা যায়৷