তেজাল খাহী চুৰি কৰি বন্ধুক খুৱালে মণিৰামে, সেই বন্ধুৱে আকৌ হত্যা কৰিলে মণিৰামক

newsnextone.com | ওৰাংঃ মাংস আৰু চুলাই মদৰ বাবে এগৰাকী লোকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাত৷ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ফুহুৰাবাৰী গাঁৱৰ মণিৰাম গৌড় নামৰ লোকজনক পথাৰত হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে অভিযুক্ত নৰেন গৌড়, নন্দু গৌড়, লখিয়া গৌড় আৰু ভাগৰথী গৌড়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শনিবাৰে পুৱাই লোক কেইজনক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷  

জানিব পৰা মতে, ফুহুৰাবাৰী গাঁৱৰ মণিৰাম গৌড় নামৰ লোকজনৰ বাৰীত ১০ মে’ত এটি তেজাল খাহী সোমাই বাৰীৰ গছ-গছনিৰ পাত খাই ক্ষতি কৰে৷ তেনে সময়তে তেজাল খাহীটো ধৰে আৰু ঘৰৰ ভিতৰত আৱদ্ধ কৰে মণিৰামে৷ খাহীৰ লোভ সামৰিব নোৱাৰি খাহী হত্যা কৰি খোৱাৰ বাবে পৰিকল্পনা কৰে৷ আবেলি খাহীটোক মাৰি কাটি-বাচি মাংস সাজু কৰে৷ 

সমীপৰ ৪গৰাকী লোকক মাতি আনি নিশা পথাৰত বৰভোজ খাই৷ পথাৰত মাংস আৰু মদেৰে পাৰ্টি চলি থকাৰ সময়তে চাৰিগৰাকী লোকৰ মাজত মদক লৈ কাজিয়াৰ সুত্ৰপাত হয়৷ মণিৰামে চুলাই কমকৈ পোৱাত উত্তেজিত হৈ অন্য লোক কেইজনৰ সৈতে কাজিয়াত লিপ্ত হয়৷ 

নিশা প্ৰায় ১১ বজাত চুলাইৰ বাবে কাজিয়া লগাত শচীন গৌড় নামৰ লোকজনে মণিৰামক মাৰধৰ কৰা বুলি অভিযোগ উত্থাপন হয়৷ সেই সময়তে মণিৰামক এৰি বন্ধু কেইজনে নিশাই ঘৰাঘৰি যায়৷ নৰেন গৌড়, নন্দু গৌড়, লখিয়া গৌড় আৰু ভাগৰথী গৌড়ে ঘৰলৈ যায় আৰু পুৱাই মণিৰামক পথাৰত পৰিয়ালৰ লোকে অচেতন অৱস্থাত উদ্ধাৰ কৰে৷ 

মুমূৰ্ষু অৱস্থাত পৰিয়ালৰ লোকে মণিৰামক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও শুকুৰবাৰে নিশা মণিৰামে শেষ নিশ্বাস ত্যাগ কৰে। ওৰাং আৰক্ষীয়ে  ভোজ ভাত খোৱা আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰি সোধ পোছ কৰাত শচীন গৌড়ে মদৰ ৰাগিত মণিৰামক মাৰধৰ কৰা বুলি স্বীকাৰ কৰে। ওৰাং আৰক্ষীয়ে  ভাৰতীয় দণ্ড বিধিৰ ৩২৫, ৩০৭ ধাৰাত ৩৭/১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷