
গুৱাহাটীঃ সোমবাৰে সন্ধিয়া এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰত গোৱিন্দ সিংহানীয়া নামৰ যুৱক এজনৰ বাসগৃহৰ বাথৰুমত কে চি দাস কমাৰ্চ কলেজৰ এগৰাকী অতি মেধাৱী ছাত্ৰী স্বেতা আগৰৱালৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় ৰাইজে যুৱকগৰাকীৰ বাথৰুমৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে।
জানিব পৰা মতে গুৱাহাটীৰ মনিপুৰীবস্তিৰ নিৱাসী মেধাৱী ছাত্ৰী স্বেতাই পৰীক্ষা দিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত এই ঘটনাতো সংঘটিত হয়। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ মতে, ছাত্ৰীগৰাকীক অপহৰন কৰি নি এনে ঘটনা সংঘটিত কৰিছে।
উল্লেখযোগ্য যে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত গোৱিন্দ সিংহানীয়া নামৰ যুৱকগৰাকীক আৰক্ষীয়ে আটক কৰে৷ ছাত্ৰীগৰাকীৰ সৈতে একেখন কলেজতেই পঢ়িছিল গোৱিন্দ সিংহানীয়াই। হত্যাকাণ্ডতো সংঘটিত হোৱাৰ সময়ত অভিযুক্ত যুৱকজনৰ ঘৰত যুৱকগৰাকীৰ মাক আৰু ভনীয়েকো উপস্তিত আছিল।
ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত গুৱাহাটীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযক্ত যুৱক গোৱিন্দ সিংহানীয়াক গ্ৰেপ্তাৰ কৰে। লগতে যুৱকগৰাকীৰ মাক আৰু ভনীয়েককো আটক কৰে। ছাত্ৰগৰাকীৰ মৰণোত্তৰ পৰীক্ষা মঙলবাৰে সম্পন্ন কৰিব আৰক্ষীয়ে।