নিশা ২ বজাৰ পৰা ৰিপু চিৰাং বনাঞ্চলত সেনা-আৰক্ষীৰ অভিযান, অস্ত্ৰ সহ জালত NDFB কেডাৰ

newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিছমুৰী উপ-আৰক্ষী চকীৰ অন্তৰ্গত ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলৰ ৭নং ৰাইটত শুৰুবাৰে পুৱতি নিশা নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই এগৰাকী দুধৰ্ষ এনডিএফবি(এচ) সদস্যক অস্ত্ৰ সহিতে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন এনডিএফবি(এচ)ৰ সদস্যগৰাকীক এনডিএফবি (এচ)ৰ ৪১নং বেটছৰ সদস্য তথা জিলাখনৰ ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত সাতবিন্দু গাঁও নিবাসী নিপেন ব্ৰহ্মৰ পুত্ৰ দৈথুন ব্ৰহ্ম ওৰফে দাওগাঁলাং (২৬) বুলি আৰক্ষীয়ে সদৰি কৰিছে৷ ধৃত সদস্যগৰাকীৰ কৱলৰ পৰা নিৰাপত্তাৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল, ৬ জাঁই সজীৱ গুলী আৰু এটা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে সদৰি কৰা মতে ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলৰ ৭নং এলেকাত সন্দেহজনক এনডিএফবি (এছ) ৰ এটা দলে বাহৰ পাতি থকা বুলি এক গোপন সুত্ৰ লাভ কৰি সেনাৰ ১২নং ছিখলাই ৰেজিমেণ্ট, কোব্ৰা বাহিনী, এছএছবিৰ ৬নং বেটেলিয়ান আৰু কোকৰাঝাৰ আৰক্ষীয়ে অঞ্চলটো ঘেৰি লৈ অভিযান চলায়৷ 

শেষ নিশা প্ৰায় আঢ়ৈ বজাৰ পৰা আৰম্ভ কৰা যুটীয়া অভিযানৰ মাজতে পুৱতি নিশা প্ৰায় ৪-৩০ বজাত তিনিজন সন্দেহজনক উগ্ৰপন্থী সদস্য উক্ত ঠাইত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি যুটীয়া অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সদস্যকেইজনক আত্মসমৰ্পণৰ বাবে আহবান জনায় যদিও উগ্ৰপন্থীৰ দলটোৱে পলায়নৰ চেষ্টা কৰে। সেনা-আৰক্ষীৰ দলটোৱে পলায়ন কৰা তিনি উগ্ৰপন্থীক খেদি যায় যদিও ইয়াৰে দুগৰাকী সদস্যই সেনা আৰক্ষীৰ বেহু ভেদি পলায়ন কৰে আৰু এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ 

ধৃত সদস্যগৰাকীক নিৰাপত্তাৰক্ষীয়ে ঠাইতে জেৰা কৰাত সদস্য গৰাকীয়ে নিজকে জিলাখনৰ ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত সাতবিন্দু গাঁৱৰ নিবাসী নিপেন ব্ৰহ্মৰ পুত্ৰ দৈথুন ব্ৰহ্ম ওৰফে দাওগালাং (২৬) বুলি চিনাকী দিয়াৰ উপৰিও তেওঁ এনডিএফবি(এচ)ৰ ৪১নং বেটছৰ সদস্য আছিল বুলি সদৰি কৰে। নিৰাপত্তাৰক্ষীয়ে তেওঁৰ জিন্মাৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল,৬ জাঁই সজীৱ গুলী আৰু এটা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰা বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে।