
newsnextone.com | মৰিয়নীঃ ৰাজ্যৰ বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰা বুলি বাৰে বাৰে কৈ অহাৰ পিছতোঁ ভয় নকৰে একাংশ বিষয়াই৷ যোৱা কেইবাটাও দিনৰ ভিতৰত কেইবাজনো লোক টকা লৈ হাতো-লোটে ধৰি পৰাৰ সময়তে এইবাৰ খমখমীয়া নোট লৈ জালত পৰে যোৰহাট জিলাৰ এগৰাকী বিষয়া৷ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই খমখমীয়া নোট লৈ থকাৰ সময়তে হাতে লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই৷
জানিব পৰা মতে, যোৰহাটৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত শুকুৰবাৰে দুপৰীয়া চলে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ অভিযান কালত যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই ২০ হাজাৰ টকা এগৰাকী লোকৰ পৰা লৈ থকা অৱস্থাতে ধৰা পৰে৷ এগৰাকী লোকৰ পৰা বিশেষ কাম কৰি দিয়াৰ বাবে ২০ হাজাৰ টকা দাবী কৰিছিল বিষয়া যুগল বৰুৱাই৷ তাৰ পিছতে লোকজনে দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰিছিল৷ লোকজনৰ খবৰৰ ভিত্তিত শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখা আৰু উক্ত লোকজনে একেলগে কাৰ্যালয়ত উপস্থি হৈ টকা ২০ হাজাৰ দিয়াৰ লগে লগে গ্ৰেপ্তাৰ কৰে বৰুৱাক৷
ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ নি যুগল বৰুৱাক সোধ-পোছ অব্যাহত ৰাখিছে৷ জানিৰ পৰা মতে, যুগল বৰুৱাৰ নিজ ঘৰতোঁ অভিযান চলাব পাৰে দুৰ্নীতি নিবাৰক শাখাই৷