
কোকৰাঝাৰঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ উজনি অসমত আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ তাৰ সমানে সমানে নামনি অসমতো এনডিএফবিৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷
নামনিৰ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী আৰু পাটগাঁও এলেকাত আৰক্ষী-সেনাবাহিনীৰ ২১ নং শিখলাই ৰেজিমেণ্টে যুটীয়া অভিযান চলাই সোমবাৰে নিশা এনডিএফবি(এচ)ৰ এগৰাকী লিংকমেনক অস্ত্ৰসহিতে আটক কৰিবলৈ সক্ষম হয়৷
জিলাখনৰ উত্তৰ গুৱাবাৰীৰ পাটগাঁৱৰ অজিত গয়াৰীক (২৬) এনডিএফবি(এচ)ৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে৷ নিৰাপত্তাৰক্ষীয়ে অজিত গয়াৰীৰ জিন্মাৰ পৰা এটা পিষ্টল আৰু দুটা মোবাইল হেণ্ডছেট জব্দ কৰিবলৈ সক্ষম হয়৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে অজিত গয়াৰী এনডিএফবিৰ হৈ ধনদাবী আৰু সদস্য ভৰ্তিকৰণত জড়িত আছিল বুলি দাবী কৰে।