
নগাঁওঃ নগাঁও জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ গৰৈমাৰীত পথাৰত দেওবাৰে এগৰাকী যুৱকে অকাল মৃত্যুক আকোৱালি লব লগা হয়৷ পথাৰত মাটি চহাই থকাৰ সময়তে চলন্ত ট্ৰেক্টৰৰ তলত সোমাই বগৰিগুৰি পামৰ কাছেম আলিৰ পুত্ৰ মোশ্বাৰফ আলিৰ(১৭) মৃত্যু হয়৷ জানিব পৰা মতে, পুৱা প্ৰায় ১১বজাত যুৱকজনে গৰৈমাৰীৰ পথাৰত শিলগুটিৰে চৰাই মাৰি থকা অৱস্থাত ওচৰতে মাটি চহাই থকা ট্ৰেক্টৰ এখনত জপিয়াই উঠাৰ চেষ্টা কৰে।
যুৱকজনৰ ভৰি পিছলি গৈ ট্ৰেক্টৰৰ তলত সোমাই পৰাত ৰ’টাভেটৰে শৰীৰ অংশ ছিন্ন-ভিন্ন কৰি পেলোৱাত যুৱকজনে থিতাতে মৃত্যুমুখত পৰে। ইপিনে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পঞ্জীয়নবিহীন টেক্টৰখন এৰি চালকজনে পলায়ন কৰে।
ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত প্ৰায় পাঁচ ঘন্টা পলমকৈ বিয়লিৰ ভাগতহে বোকা-পানী আৰু তেজেৰে তুমৰলি হোৱা ক্ষত-বিক্ষত মৃতদেহটো টেক্টৰখনৰ ৰ’টাভেটৰৰ মাজৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এটি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ এনে কৰুণ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷