
নলবাৰীঃ কেন্দ্ৰ-ৰাজ্যত কংগ্ৰেছৰ শাসনৰ কাৰ্য কালত বিজেপিৰ কেইবাগৰাকী নেতাই ডিঙিত পিয়াজৰ মালা লৈ মুল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য খনৰ বিজেপি নেতা বিজয়া চক্ৰবৰ্ত্তী, প্ৰশান্ত ফুকনে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷
এতিয়া সময়বোৰ ওলোটা হ’ল৷ এতিয়া শাসনৰ গাডীত বহিল বিজেপি৷ এইবাৰ ডিঙিত পিয়াজ-আলুৰ মালা লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ দলে৷ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নৃত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে নলবাৰী চহৰত সোমাবৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।
নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত শতাধিক মহিলাই চহৰত এক সমদলো উলিয়াই আৰু প্ৰতিবাদী মহিলা সকলে গেছ চিলিণ্ডাৰ, পিয়াঁজৰ মালা, খৰি আদিৰে ৰন্ধন কাৰ্য্য প্ৰদৰ্শন কৰে। সমদল অংশ গ্ৰহণ কৰা মহিলা সকলে বিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, মূল্য বৃদ্ধিৰে ৰাইজৰ মাধমাৰ সোধোৱা নীতি বন্ধ কৰক, পৰিবৰ্তনৰ ভুৱা চমক বন্ধ কৰক আদি শ্লোগানেৰে চহৰ খন উত্তাল কৰি তোলে।
সমদলত অন্তত এখন সভাত কংগ্ৰেছ নেত্ৰী পাপৰি মালাকৰে কয় যে-বিজেপিয়ে মূল্য বৃদ্ধিৰে ৰাইজক পৰিবৰ্তন দিছে। নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰি এতিয়া জনবিৰোধী কাম-কাজ আৰম্ভ কৰিছে। বিৰোধী হৈ থকাতে বিজেপিয়ে মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰি বৰ্তমানে শাসনত বহি মূল্য বৃদ্ধিৰে ৰাইজক হাৰাশাস্তি কৰিছে।
কেইদিনমান পূৰ্বে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৯৪ টকাকৈ মূল্য বৃদ্ধি কৰিলে আৰু ব্যৱসায়িক চিলিণ্ডাৰৰো। এনে অৱস্হাত সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ি সকলো সমস্যাত পৰিছে। এয়াই নহয় বিজেপি সকলো নৃত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি ৰাইজক জুৰুলা কৰি আহিছে। ইয়াৰ উত্তৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দিব বুলিও কংগ্ৰেছ নেত্ৰী মালাকৰে ভাষনত দোহাৰে৷