‘গজালি' মেলিলে নলবাৰীত

নলবাৰীঃ ক্ষুদ্ৰ আলোচনী একোখনে একোটা অঞ্চলক প্ৰতিনিধিত্ব কৰে। জেপ আলোচনী ‘গজালি’ নলবাৰী অঞ্চলক প্ৰতিনিধিত্ব কৰি আহিছে। আজি ৫৭ টা সংখ্যা নিৰবিচ্ছিন্নভাৱে প্ৰকাশ কৰি থকাটো সাহিত্য আলোচনীৰ বাবে উল্লেখযোগ্য খবৰ। এই মন্তব্য কবি ডাঃ ৰাতুল দাসৰ।

দেওবাৰে নিশা নলবাৰীৰ বগলচ ৰোড চ’কৰ অৰবিন্দ হেলথ ইনফৰমেচন চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত জেপ আলোচনী ‘গজালি’ৰ বিশেষ শাৰদীয় সংখ্যা উন্মোচন কৰি কবি ডাঃ দাসে এনেদৰে কয়। বিশিষ্ট কবি কমল কুমাৰ জৈনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটো উদ্বোধন কৰে কবি-নিবন্ধকাৰ পুলকেশ ৰায় বৰুৱাই। 

ইয়াৰ পিছতে বিদ্যাপতি কলিতাৰ দিহা নামেৰে আৰম্ভ হোৱা কবিতাৰ সন্ধিয়াত কবিতা পাঠ কৰে কবি ৰমণী কুমাৰ শৰ্মা, ময়ুৰ ব্ৰহ্ম, আকাশ নিলম জিত, জেছমিন বেগম, যাযাবৰ মিন্টু শৰ্মা, নৰেন শৰ্মা, নয়ন মণি শৰ্মা, চিন্ময় কলিতা, ডাঃ প্ৰণৱ চক্ৰৱৰ্তী, ডাঃ ৰাতুল দাস, কমল কুমাৰ জৈন, পুলকেশ ৰায় বৰুৱা, পৰেশ চন্দ্ৰ শৰ্মা, শংকৰ শৰ্মা আদিয়ে। 

অনুষ্ঠানত আদৰণি ভাষণ ৰাখে ‘গজালি’ৰ সম্পাদক, সাংবাদিক শংকৰ শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়ায় ‘গজালি’ৰ কাৰ্যবাহী সম্পাদক কমল কলিতাই।