মন্ত্ৰীৰ মতে ১, এচপৰাও মাটি নপৰা ৰঙাপাৰা সমষ্টিৰ গাভৰু নৈৰ পাৰৰ উন্মুক্ত মথাউৰি

তেজপুৰঃ মাজত আৰু মাথো কেইটামান দিন৷ তাৰ পিছতেই আৰম্ভ হ’ব মুষলধাৰ বৰষুণ৷ বৰষুণৰ পিছতেই হেজাৰ হেজাৰ বিঘাৰ খেতি উচন কৰি, অনেক লোকক গৃহহাৰা কৰি চলিব প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ৷ 

প্ৰতিবাৰেই খৰালিৰ সময়ছোৱা শুই বহি বাৰিষালৈ এমাহ থকাৰ সময়তে তৎপৰ হৈ পৰে প্ৰশাসন৷ ক্ষীপ্ৰ গতিৰে ছিঙা মথাউৰিসমূহ পুনৰ নিৰ্মানৰ চেষ্টা চলায় এখন নাটক ৰচনা কৰে চৰকাৰ তথা প্ৰশাসনে৷ মথাউৰি নিৰ্মানৰ বাবে আৱণ্টিত ধনেৰে পকেট গৰম কৰি মথাউৰিৰ নামত বালিৰ পাহাৰ সজাৰ অভিযোগ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সদায় উত্থাপিত হৈ আহিছে৷ যাৰ ফলত বাৰিষা আহিলেই নৈৰ বুকুত পুনৰ জাহ যায় নৱনিৰ্মিত মথাউৰি৷ 

►ক্লিক কৰি পঢকঃ- মন্ত্ৰীৰ মতে-১, মেঘাই জাৰণি, ৰহা, গোৰেশ্বৰ, ৰঙাপাৰাত আছে উন্মুক্ত মথাউৰি

ইফালে বুধবাৰে এখন সংবাদমেলোগে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে বিগত বৰ্ষৰ ৰাজ্যখনত প্ৰলয়ংকাৰী বানে ছিঙি লৈ যোৱা ২৬ টা মথাউৰিৰ ভিতৰত ২৫ টা মথাউৰি নিৰ্মাণৰ কাম অহা ৩০ এপ্ৰলিৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ ৰাজ্যখনৰ ২৫টা মথাউৰি নিৰ্মাণৰ নামত ৯০ কোটি ৫৩ লাখ টকা ব্যয়ৰ তথ্য দাখিল কৰি মন্ত্ৰীগৰাকীয়ে এইটো বাৰিষাত ৰাজ্যখনত বানপানীয়ে ক্ষতি কৰিব নোৱাৰে বুলি দাবী কৰে৷ 

কিন্তু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বুধবাৰে সংবাদমেলত উত্থাপন কৰা তথ্য মিছা বুলি প্ৰমাণিত কৰিব পৰাকৈ হয়তো ৰাজ্যত আজিও কেইবাটাও উন্মুক্ত মথাউৰি আছে৷ শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপাৰাৰ সমীপৰ গাভৰু নৈৰ মথাউৰি ছিঙি যোৱাবছৰ অঞ্চলটোৰ প্ৰায় ১০খন গাঁও প্লাৱিত কৰাৰ লগতে বহু বিঘা কৃষি মাটি গাভৰু নৈৰ প্ৰলংয়কাৰী বানে উচন কৰিছিল৷ যাৰ ফলত অঞ্চলটোৰ কৃষিজীৱি লোকসকলৰ জীৱনলৈ নামি আহিছিল কালসন্ধ্যা৷ কিন্তু ৰাইজৰ অভিযোগ মতে প্ৰবল বানৰ তাণ্ডৱৰ পিছতো অঞ্চলটোৰ ৰাইজক চৰকাৰ তথা বিধায়ক পল্লৱ লোচন দাস কোনোদিনে খবৰ নললে৷

►ক্লিক কৰি পঢকঃ- মন্ত্ৰীৰ মতে ১, এচপৰা মাটি নপৰা ঢেকীয়াজুলি সমষ্টিৰ মেঘাইজাৰণীৰ মথাউৰি

ইফালে যোৱাটো বানত ছিঙি নিয়া গাভৰু নৈৰ মথাউৰিটো নিৰ্মাণৰ নামত এচপৰা মাটিও পেলোৱা নাই চৰকাৰৰ জলসম্পদ বিভাগে৷ যাৰ ফলত প্ৰায় কুৰিখন গাঁৱত পুনৰ এবাৰ গাভৰুৰ তাণ্ডৱ চলাৰ আশংকাত ভূগিছে অঞ্চলবাসী৷ ভূৱা প্ৰতিশ্ৰুতি আৰু তথ্য উদঙাই ৰাইজক আভূৱা ভৰা চৰকাৰে ৰাজ্যৰ ২৫ টা মথাউৰিৰ নিৰ্মাণকাৰ্য ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস দিলেও এতিয়াও ৰঙাপাৰাৰ এই উন্মুক্ত মথাউৰিটোৰ ওপৰত চকু পৰা নাই চৰকাৰৰ৷ যোৱাবাৰ বানত সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা ৰাইজে পুনৰ এবাৰ নিজৰ ধনেৰে মথাউৰি নিৰ্মাণ কৰাত অসমৰ্থ হোৱাত বাৰিষা অহাৰ লগে লগেই নিদ্ৰাহীন ৰজনী কটাইছে কুৰিখন গাঁৱৰ গঞাই৷