মঙলদৈত ‘জয়ন্ত হাজৰিকা’ উদ্যান মুকলি

মঙলদৈঃ ক্ৰমান্বয়ে লোপ পাবলৈ ধৰা দৰঙী কলা কৃষ্টি সমূহক ভাৰ্স্কয্য আকাৰত অংকন কৰি নৱপ্ৰজন্মৰ মাজত চিনাকী কৰাই দিয়াৰ প্ৰয়াস কৰি মঙলদৈত নিৰ্মাণ কৰা হ’ল ‘ঐতিহ্যমণ্ডিত দ্যৌৰাংগ’ নামেৰে এখন শিল্প ক্ষেত্ৰ৷

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে বিধায়ক পুঁজিৰ পৰা আৱন্টন কৰা ১০ লাখ টকা ব্যয় সাপেক্ষে দৰঙী কলা-কৃষ্টিক ভাস্কৰ্যৰূপত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে শিল্প ক্ষেত্ৰখনিৰ নিৰ্মাণ কৰা হৈছে৷ আনফালে এই শিল্প ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি বিশিষ্ট সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতিত সাজি উলিওৱা হৈছে এখন আটক ধুনীয়া উদ্যান৷

মঙলবাৰে মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত বৰ পুখুৰীৰ পাৰৰ ‘জয়ন্ত হাজৰিকা’ উদ্যানকন মুকলি কৰে বিধায়ক গুৰুজ্যোতি দাসে৷

‘ঐতিহ্যমণ্ডিত দ্যৌৰাংগ’ শিল্পক্ষেত্ৰখনত ফুটি উঠিছে দৰঙীয়া কলা সংস্কৃতিৰ লগতে দৰঙৰ প্ৰাণ ৰূপ৷ পথৰুঘাটৰ ৰণৰ পৰা দেওধনী, চেৰাধেক, নাঙেলী, ব্যাস ওজা, শুকনান্নি ওজা, খেৰাইৰ পৰা ঝুমুৰলৈকে দৰঙীয়া লোক কৃষ্টিক চিত্ৰৰ ৰূপেৰে প্ৰাণ দিছে আন্তৰ্জাতিক খ্যাতি সম্পন্ন চিত্ৰ শিল্পী দাদুল চলিহাই৷

শিল্প ক্ষেত্ৰখনৰ মূল তোৰণ খনিৰ সমস্ত খৰচ বহন কৰে ব্ৰিলিয়েন্ট একাডেমীৰ পৰিচালন সঞ্চালক ঋত্বিক চৌধুৰীয়ে৷