
প্ৰতিকী ফটো
নগৰবেৰাঃ বন বিভাগৰ অভিযানত জালত পৰিল কাঠ ভৰ্তি তিনিখন ট্ৰাক৷ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাইত অবৈধ কাঠৰ ব্যৱসায় চলি থকা বুলি অবিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি পুৱতি নিশা বন বিভাগে অভিযান চলাই৷
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন কৰ্মীৰ এটা দলে এক অভিযান চলায় যোগীপাযোগীপাৰাত বকো অঞ্চলৰ পৰা কাঠ কাঢ়িয়াই অনা তিনিখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে।
এএছ-১৮-২১৭৮, এছ-০১-এন-৬৭৯১ আৰু এম-এল-০৯-৭৭৬৭ নম্বৰৰ ট্ৰাক কেইখন জব্দ কৰে বন বিভাগে। জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।