
newsnextone.com | ওৰাংঃ দেশৰ বিখ্যাত দুগৰাকী ইতিহাসবিদে লিখি উলিওৱা গ্ৰন্থত বড়ো জনগোষ্ঠীক সন্ত্ৰসবাদী হিচাপে দেখুওৱা হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ গ্ৰন্থত ২০০৮ চনৰ ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণ বড়ো সন্ত্ৰসবাদীয়ে সংঘটিত কৰা বুলি উল্লেখ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷
নিজৰ লিখনিত বড়ো সন্ত্ৰাসবাদী বুলি উল্লেখ কৰাত সোচ্চাৰ হৈ পৰিছে বড়ো জনগোষ্ঠীক সচেতন সমাজ, ছাত্ৰ-ছাত্ৰী৷
বিখ্যাত বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক ইতিহাস সংলগ্ন কৰি প্ৰকাশ কৰা গ্ৰন্থ নিষিদ্ধ কৰা, বড়ো জাতিক ক্ষমা বিচৰাৰ দাবী জনাই শনিবাৰে কেইবাশাতধিক বড়ো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে ওৰাঙত প্ৰতিবাদ সাব্যস্ত কৰে৷
ওদালগুৰি জিলাৰ ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ বড়ো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি বড়োসকলক সন্ত্ৰাসবাদী হিচাপে দেখুওৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ বিশ্বত বড়োসকলক সন্ত্ৰবাসবাদী হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছে৷ বড়োসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে৷ ভাৰতত যেনেকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে আমিও তেনেদৰে আছোঁ৷ সন্ত্ৰাসবাদীৰ কোনো নিৰ্দিষ্ট জাতি, ধৰ্ম নাথাকে৷ এটা জনগোষ্ঠীৰ কেইজনমান লোকে বেয়া কাম কৰিলে জনগোষ্ঠীকটোক দোষ দিব নোৱাৰিব বুলি কয় ছাত্ৰ-ছাত্ৰীয়ে৷ ছাত্ৰ-ছাত্ৰীয়ে এই গ্ৰন্থ খন বন্ধ কৰাৰ লগতে বড়ো জনগোষ্ঠীক ক্ষমা খোজাৰো দাবী জনায়৷
দুগৰাকী ইতিহাসবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰাত কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰমিলা থাপৰৰ ‘এনচিয়েণ্ট ইণ্ডিয়ান ছ’চেল হিষ্টৰি’ নামৰ কিতাপত আৰু সঞ্জয় হাজৰিকাৰ ‘ষ্ট্ৰেনৰ্জাচ ন’ মৰ’ নামৰ কিতাপ দুখনত সমগ্ৰ বড়ো জাতিক উগ্ৰপন্থী বুলি অভিহিত কৰাৰ বিৰুদ্ধে কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত মৌন ভাবে অবস্থান গ্ৰহণ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমৰ ইতিহাস বিকৃত নকৰিবলৈ আহ্বান দাবী জনায়।
এনডিএফবি উগ্ৰপন্থীৰ সন্দৰ্ভত লিখিবলৈ গৈ সমস্ত বড়ো জাতিটোকে সাঙুৰি লৈ কৰা আপত্তিজনক লিখনিৰ প্ৰতিবাদত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে লেখকদ্বয়ৰ বিৰুদ্ধে হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
উগ্ৰপন্থীৰ কোনো জাতি ধৰ্ম নাথাকে, উগ্ৰপন্থীক বড়ো উগ্ৰপন্থী বুলি উল্লেখ কৰাটো বড়ো জনগোষ্ঠীৰ বাবে চৰম অপমানজনক আৰু অন্যায় বুলি মন্তব্যৰে প্ৰতিবাদকাৰীসকলে ভৱিষ্যতে কোনো লেখক আনকি সংবাদমাধ্যমেও যাতে বড়ো উগ্ৰপন্থী বুলি কোনো শব্দ ব্যৱহাৰ নকৰে তাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়।