
newsnextone.com | ওৰাংঃ পৰিবেশ দিৱসত বৃক্ষৰোপন কৰি ফটো উঠিলেও বন বিভাগে একাংশ লোকে প্ৰকৃততে বনজ সম্পদ ৰক্ষা কৰিব খোজা দেখা নাযায়৷ কিয়নো আজিও ৰাজ্যৰ বিভিন্ন ঠাইত পাহাৰৰ গছ-গছনি কাটি তহিলং কৰাৰ লগতে নৈৰ বুকু খান্দি শিল-বালিৰ ব্যৱসায় চলাই আহিছে৷ এই অভিযোগ ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল-সংগঠনে উত্থাপন কৰে৷
তাৰ মাজতে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত মাজবাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে ভৈৰৱকুণ্ডৰ পৰা শিল কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি অঞ্চলটোত নৈৰ বুকুৰ পৰা অবৈধ শিল-বালিৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হয়৷ বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এএচ-২৭-চি-০৫৪৩ নম্বৰৰ ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়৷ ওৰাঙৰ এটা ক্ৰেচাৰৰ বাবে ভৈৰৱকুণ্ডৰ পৰা শিল কঢ়িয়াই আনিছিল ট্ৰাকখনে৷
জানিব পৰা মতে, ওৰাঙৰ ক্ৰেচাৰ মিল সমূহলৈ শিল কঢ়িয়াই থকা ট্ৰাকসমূহে এখন চালানেৰে কেইবাটাও দিন শিল-বালি কঢ়িয়াই৷ বন বিভাগে এখন চালানাৰ বিপৰীতে কেইবাবাৰো শিল-বালি কঢ়িয়াবলৈ সুবিধা দিয়ে ট্ৰাক সমূহক৷ বিশেষ কেইটামান ছিণ্ডিকেটত নিতৌ ধন দি পাৰ হয় ট্ৰাক সমূহ৷ বন বিভাগৰ কাৰ্যালয়ত প্ৰতিখন ট্ৰাকে ৫০০-১০০০ টকা দিব লাগ হয়৷ যাৰ ফলতে এখন চালানেৰে মহলৰ পৰা বাৰে বাৰে শিল-বালি কঢ়িয়াব পাৰে একোখন ট্ৰাকে৷
এনে চালান সমূহৰ জৰিয়তে ব্যাপক হাৰত ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হয়। অবৈধ ভাৱে ট্ৰাকসমূহে এদিনৰ চালানেৰে কেইবাদিনো বালি-শিল কঢ়িয়াই থকা বুলি জানিব পৰা যায়৷ বন বিভাগৰ একাংশ কৰ্মচাৰীৰ সহযোগত এনে প্ৰক্ৰিয়াৰে শিল কঢ়িয়াই থকা ট্ৰাকখন জব্দ কৰে মাজবাট বন বিভাগে।
ওদালগুৰি জিলাৰ ভৈৰবকুণ্ডৰ পৰা ২৯ জুনত সুনিল জৈনৰ ক্ৰেচাৰৰ বাবে এএচ-২৭-চি-০৫৪৩ নম্বৰৰ ট্ৰাক খনে শিল কঢ়িয়াই আনিছিল। ট্ৰাক খনৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰৈ আছিল। মাজবাট বন বিভাগৰ বিষয়াই সোধ-পোছ কৰাৰ পিছত জোলোঙাৰ মেকুৰী ওলাই পৰে। এদিনৰ চালানেৰে দুই তিনিদিন শিল সৰবৰাহ কৰি বন বিভাগ-ব্যবসায়ীসকলে ব্যাপক হাৰত ৰাজহ ফাকি দিয়াৰ উপৰিও চালানত তাৰিখ সালসলনি কৰিব পৰাৰ ব্যৱস্থা থাকে৷
ইমানে নহয় বন বিভাগৰ বিষয়াই ট্ৰাকখনক দিয়া চালান খনত ৫ দিন পূৰ্বেই ৩১ জুন বুলি লিখি দিয়ে৷ কিন্তু বন বিভাগে নাজানে জুন মাহ যে ৩০ দিনীয়া৷ তাৰ দ্বাৰাই ওলাই পৰে বন বিভাগে কেনেদৰে টকাৰ বিনিময়ত লুণ্ঠন কৰাৰ সুবিধা প্ৰদান কৰিছে একাংশ লোকক৷ চালানত ৮ চি এম শিলৰ অনুমতি থাকে যদিও ট্ৰাক সমূহে ১৪ চিএমলৈ শিল কঢ়িয়াই আনি গ্ৰাম্য পথসমূহো ধ্বংস কৰি পেলাইছে৷ ট্ৰাকৰ চালক জনেও লিখা পঢ়া নাজানো বুলি দায় সাৰিব বিচাৰে যদিও তেওঁ চালান খনত ইংৰাজীতে স্বাক্ষৰ কৰে৷