অৱশেষত পিঞ্জৰাবদ্ধ হ’ল বনৰজা

ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা অলপতে জনঅৰণ্যত প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰা ঢেঁকীয়াপটীয়া বাঘটো অবশেষত পিঞ্জৰাবদ্ধ কৰা হয়। 

মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাস, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকা আৰু বন বিভাগৰ নেৰানেপেৰা চেষ্টাৰ ফলত মঙলবাৰে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হৈছে।