সদৌ অসম ভিত্তিত স্ব-ৰচিত কবিতা প্ৰতিযোগিতা আয়োজন

newsnextone.com|পশ্চিম নলবাৰীঃ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠী উদ্যোগত বিশিষ্ট সমাজ কৰ্মী দিবাকৰ শৰ্মাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ১০গৰাকী নিৰ্বাচিত কবিক পুৰষ্কাৰ প্ৰদান কৰা হব। অহা ৩০ চেপ্তম্বৰৰ ভিতৰত ৫০ টকা ভৰ্তি মাচুল সহ স্ব-ৰচিত কবিতা এটি তলৰ ঠিকনাত পঠিয়াবলৈ আহ্বান জনাইছে উদ্যোক্তা সকলে।

কবিতা পঠিওৱাৰ ঠিকনাঃ
নিপজ্যোতি মেধি,
 সভাপতি, 
বাসনা সাহিত্য গোষ্ঠী, 
গাঁও-বালিকৰিয়া, 
ডাকঘৰ- কাজিপাৰা, 
জিলা- নলবাৰী, অসম, পিন -৭৮১৩৪১