
খেৰণিঃ কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ অন্তর্গত খেৰণি চাৰিআলিত দেওবাৰে নিশা সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাক এজন লোকৰ মৃত্যু হোৱৰ লগে লগে এজন লোক গুৰুতৰ ভাৱে আহত হয়৷ এএছ-০১ বিচি-৪৬৫৬ নম্বৰৰ তীব্ৰবেগী ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে।
লংকাৰ পৰা উমৰাংছ'ৰ অভিমুখে গৈ থকা ট্ৰাক খন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে স্থানীয় ৰাইজ ওলাই আহি চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰে। দুৰ্ঘটনাত ট্ৰাকখনৰ চালক কৃষ্ণ ভাৰতী থিতাতে নিহত হোৱাৰ লগতে সংকটজনক অৱস্থাত উদ্ধাৰ হয় কৃষ্ণ উপাধ্যায় নামৰ আন এজন লোক।
ট্ৰাক খনে খুন্দা মৰাৰ ফলত গছজোপাৰ কেইবাটাও ডাল ভাঙি মাটিত পৰে৷ ট্ৰাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতি হয়৷ আৰক্ষীয়ে এক্সেভেটৰেৰে ট্ৰাকখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ট্ৰাকৰ ভিতৰত আবদ্ধ হৈ থকা লোকদুগৰাকীক।
কৃষ্ণ উপাধ্যায়ক ১০৮ সেৱাৰে খেৰণি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে চিকিৎসকে। দুৰ্ঘটনাত থিতাতে নিহত হোৱা তথা লংকাত বসবাস কৰা কৃষ্ণ ভাৰতীৰ ঘৰ পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত বুলি জানিব পৰা গৈছে। পকী পথটোৰ মাজত এটা প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত প্রত্যক্ষ কৰি গাঁত বচাবলৈ যাওঁতেই এইদৰে ট্ৰাকখনে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়৷