
গোৱালপাৰাঃ শাৰীৰিক বাধাগ্ৰস্ততাই সফলতাত হেঙাৰ হৈ থিয় দিব নোৱেৰে৷ সময়ে সময়ে এই কথাক বহুতে প্ৰমাণ কৰি আহিছে ৷ এই কথাক আকৌ এবাৰ প্ৰমাণ কৰিলে দৰিদ্ৰ পৰিয়ালৰ জুবাইৰ আহমেদে৷
গোৱালপাৰা জিলাৰ মাৰকুলা গাঁও পঞ্চায়তৰ অন্তগৰ্ত বাতাবাৰি গাঁৱৰ জুবাইৰে মাতবোল কৰিব নোৱাৰাৰ লগতে কানেৰেও নুশুনে৷ কিন্তু তেওঁৰ হাতত প্ৰাণ পাই উঠে একো একো খন আলোকচিত্ৰই৷ এইবাৰ তেও অংকন কৰিছে তেওৰ প্ৰিয় নেতাজনৰ ছবি৷
তেও ভালপোৱা নেতা অখিলৰ প্ৰতিচ্ছবি অংকন কৰিছে জুবাইৰে৷ মানুহক এবাৰ দেখিলেই তেওৰ প্ৰতিচ্ছবি অংকন কৰিব পাৰে তেওঁ৷ তেওঁ কোনোধৰণৰ প্ৰশিক্ষণ হলে আজিলৈ লোৱা নাই। ৰং-তুলিকা তেওৰ নাই তেওৰ আছে মাত্ৰ এটি কলম৷ কলমেৰে অংকন কৰে চিত্ৰ৷ এগৰাকী চিত্ৰ শিল্পী হ’ব পৰা গুণৰ অধিকাৰী দৰিদ্র পৰিয়ালৰ প্ৰতিভাৱান যুৱকজনে প্ৰচাৰ তথা যোগাযোগৰ অভাৱত প্ৰতিভা বিকাশ কৰিব পৰা নাই বুলি কব পাৰি৷