২২ বছৰে মোদীক ৰাখী পিন্ধাইছে পাকিস্তানী মহিলাই

ডিজিটেল ডেস্কঃ ভাতৃ হিচাপে স্বীকৃতি দি নৰেন্দ্ৰ মোদীক যোৱা ২২ বছৰ ধৰি ৰাখী পিন্ধাই আহিছে এগৰাকী পাকিস্তানী মহিলাই। তেওঁৰ নাম কামাৰ মহছিন শ্বেইখ।

ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভগ্নী হিচাপে গণ্য কৰা পাক মহিলাগৰাকী অৱশ্যে এতিয়া দিল্লীৰ বাসিন্দা। প্ৰায় দুই দশক পূৰ্বে বিবাহসূত্ৰে ভাৰতত কামাৰ মহছিনে থিতাপি লৈছিল।

সেই সময়তে তেওঁৰ চিনাকি হৈছিল মোদীৰ সৈতে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদী তেতিয়া আছিল আৰ এছ এছৰ ব্যস্ত কৰ্মী।

সেই সময়ত পৰিচয়ৰ পিছত কামাৰে মোদীক পিন্ধাইছিল ৰাখী। তাৰ পিছৰ পৰা এটা বছৰতো যতি পৰা নাই এই পৰম্পৰা।

এই বৰ্ষত অৱশ্যে ব্যস্ততাৰ বাবে মোদীৰে যোগাযোগ কৰা নাছিল কামাৰে। কিন্তু পৱিত্ৰ ক্ষণৰ প্ৰাকমুহূৰ্তত নিজে ভগ্নীক ফোন কৰিলে মোদীয়ে। যাচিলে ৰাখীবন্ধনৰ শুভেচ্ছা।