নাহৰকটীয়াৰ চাচনীত ১২ ঘন্টীয়া মহা পালনাম আয়োজন

নাহৰকটীয়াঃ নাহৰকটীয়া সমষ্টিৰ চাচনী মৌজাৰ শ্ৰী বংশী গোপাল (ধাম) সেৱাশ্ৰমে ২৭ বৰ্ষত ভৰি দিলে। সেৱাশ্ৰমত ১২ ঘন্টীয়া পালনাম, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থকা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে পুৱা ৬ বজাত ৰাইজে ভাগৱত ভ্ৰমণ কৰে।

পালনাম উদ্দেশ্যে বিভিন্ন ঠাইৰ ভকত সমূহ আহি সেৱাশ্ৰমত মিলিত হৈছে। বিভিন্ন জাতী-জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায় লোক এক হৈ এই সেৱাশ্ৰমত ভক্তি কৰিবলৈ বা ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্ত্তনৰ বাবে ২৭ বছৰে দেখিবলৈ পোৱা গৈছে। হৰি নামৰ ধ্বনিৰে ৰজনজনাই থকা এই মহান সেৱাশ্ৰমলৈ বিভিন্ন ভকত বৈষ্ণৱ বুধবাৰৰ পৰা ভীৰ কৰা পৰিলক্ষিত হৈছে।

বুঢ়ীদিহিঙৰ পাৰত অৱস্থিত এই সেৱাশ্ৰম খনত বছৰত বহু কেইটা মূল অনুষ্ঠান অনুষ্ঠিত হৈ অহাৰ ফলত উঠি অহা প্ৰজন্মক আধ্যাত্মিক জ্ঞান  দিবলৈ প্ৰয়াস কৰি আহিছে। শ্ৰী কৃষ্ণ ৰাস লীলা, ভাওঁনা শিক্ষা-প্ৰদৰ্শন কৰাৰ উপৰিও নিতৌ হৰি নাম ধ্বনিৰে সেৱাশ্ৰম মুখৰিত হৈ আহিছে।

সেৱাশ্ৰমখন প্ৰতিষ্ঠা হোৱা দিনৰ পৰা গুৰি ধৰোতা তথা প্ৰতিষ্ঠাপক ঘনকান্ত দত্ত প্ৰভুৱে পৰিচালনা কৰি আহিছে। গুৰু ৰূপে সমস্ত ভকতে মান্য কৰা এই প্ৰভু জনাৰ নীতি আদৰ্শ লৈ সেৱাশ্ৰম চলি থকা দেখা গৈছে। মহা পালনামৰ সংগতি ৰাখি বৃহস্পতিবাৰে দিনৰ ভাগত মহিলা সৱলী কৰণৰ এটি অালোচনা চক্ৰ লগতে বৰগীত, দিহানামৰ প্ৰতিযোগিতা হয়।