
আজাৰাঃ উজনি-নামনিৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ৷ ব্যাপক আনন্দ উলাহৰে অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে ৰাস মহোৎসৱ৷ গুৱাহাটী মহানগৰীৰ সমীপৰ ঐতিহ্যমণ্ডিত পলাশবাৰীত ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ৷
শুকুৰবাৰে ঐতিহ্যমণ্ডিত পলাশবাৰীৰ ৰাস উদ্বোধন কৰে সদৌ অসম দেৱ দামোদৰ সংঘৰ মূখ্য উপদেষ্টা উমা কান্ত দেৱ শাস্ত্ৰীয়ে। উদ্বোধক শাস্ত্ৰীক পলাশবাৰীৰ হুদুমপুৰ শ্ৰীশ্ৰী গোপাল গোসাই নামঘৰৰ পৰা ভাগৱৎ সহ বৰ্ণিল শোভাযাত্ৰাৰে মহোৎসৱলৈ আদৰি আনে। উদ্ধোধনী সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে নন্দিনী আলোচনীৰ মূখ্য সম্পাদিকা মাইনী মহন্তই।
সভাত স্থানীয় বিধায়ক প্ৰণৱ কলিতা, কামৰূক জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শ্ৰীকৃষ্ণৰ ৰাস লীলা সন্দৰ্ভত ভাষণ আগবঢ়ায়। ৰাস মহোৎসত ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰে দ্বাপৰ যুগত যমুনাৰ পাৰত গোপীসকলৰ লগত ৰাসক্ৰীড়াত মত্ত হোৱাৰ দৃশ্যৱলীতেই মৃন্ময় মূৰ্তিৰ মাজেৰে উপস্থাপন কৰা হৈছে। ৩ নৱেম্বৰ পৰা ১৩ নৱেম্বৰলৈ এঘাৰদিন অনুষ্ঠিত হ’বলগীয়া পলাশবাৰী ৰাস মহোৎসৱত ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে৷