ভক্তক আদৰিবলৈ সাজু এতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ সমিতি

আজাৰাঃ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান ঘন্টা৷ তাৰ পিছতে উজনি-নামনিত আৰম্ভ হ’ব ৰাস মহোৎসৱ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰায় ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ সত্ৰ নগৰী মাজুলীৰ লগতে শিৱসাগৰ, নলবাৰী, বাক্সা আদি জিলাত সৰু-বৰ কেইবা খনো ৰাস উদযাপন হ’ব৷

এতিহ্যমণ্ডিত নলবাৰী আৰু পলাশবাৰী ৰাস উদযাপনৰো প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে৷ শুকুৰবাৰৰ পৰা ব্যাপক উলাহ-মালহেৰে অনুষ্ঠত হ’ব ৰাস মহোৎসৱ৷ দক্ষিণ কামৰূপৰৰ পলাশবাৰী, মিৰ্জা ৰামপুৰতো ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুকুৰবাৰে সন্ধিয়াৰ পৰা শুভাৰম্ভ হ’ব ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰে ৰাস মহোৎসৱ।

দ্বাপৰ যুগত যমুনাৰ পাৰত গোপীসকলৰ লগত ৰাসক্ৰীড়াত মত্ত হোৱাৰ দৃশ্যৱলী মৃৎ শিল্পীয়ে মৃন্ময় মূৰ্তিত উপস্থাপন কৰিছে দক্ষিণ কামৰূপৰ ৰাসমহোৎসৱ স্থলীত৷ বৃহস্পতিবাৰে মূৰ্তি সমূহত শিল্পীসকলে দিছে শেষ পৰশ। দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে পৰিচালনা সমিতি সমূহ।

মুঠতে প্ৰায় সম্পূৰ্ণ হৈছে উঠিছে পলাশবাৰী, মিৰ্জা ৰামপুৰৰ ৰাসৰ প্ৰস্তুতি। এইবেলি পলাশবাৰী ৰাসমহোৎসৱত দেখা যাব ব্যতিক্ৰমী কাৰিকৰী কৌশল আৰু প্ৰযুক্তি বিদ্যাৰ চমক। ৩ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ এঘাৰ দিনিয়াকৈ অনুষ্ঠিত হ’ব লগা পলাশবাৰী ৰাস মহোৎসৱত ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে৷