
কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাশবাৰী ছালাবিলাত বুধবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামে বান সাহায্যৰ সামগ্ৰী চুৰি কৰাক লৈ সৃষ্টি হয় এনে পৰিস্থিতিৰ।
প্ৰাপ্ত বাতৰি মতে, সভাপতিগৰাকীয়ে চৰকাৰে সাহায্যৰ নামত যোগান ধৰা দাইল, নিমখ, মিঠাতেল আদি সামগ্ৰী নামমাত্ৰ বিতৰণ কৰি বেছি ভাগ সামগ্ৰী পঞ্চায়তৰ কোঠাত লুকাই ৰাখিছিল।
প্ৰায় ৩৫ বস্তা দাইল, ৫ বস্তা তিৰফল, ২০ কাৰ্টুন মিঠাতেল আৰু ৫ কুইণ্টল নিমখ লুকাই ৰাখিছিল সভাপতিগৰাকীয়ে। ১৮০ বস্তা পশু খাদ্যৰ ৪৭ বস্তা সভাপতিজনে চুৰি কৰাৰো অভিযোগ তুলিছে ৰাইজে।একেদৰে ৫শতাধিক ভাত ৰন্ধা চুলা দীৰ্ঘ দিনৰ পৰা সভাপতিজনে লুকাই থোৱাৰ অভিযোগ উঠিছে।
এই কথা জানিব পাৰি উত্তেজিত ৰাইজে পঞ্চায়তৰ তলা খুলি ভিতৰত প্ৰৱেশ কৰি এই সকলোবোৰ বস্তু উদ্ধাৰ কৰে। বান সাহায্যৰ সামগ্ৰী চুৰি কৰা ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাই ৰাইজে।