
গুৱাহাটী/গোৱালপাৰা/অভয়াপুৰীঃ ৰাজ্যত এখন বিয়াগোম চৰকাৰ আছে৷ চৰকাৰৰ কেইবাটাও বিভাগ আছে৷ বিভাগ সমূহ পৰিচালনা কৰাৰ বাবে একোজনকৈ মন্ত্ৰী, সচিব, আয়ুক্ত আদিকে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়া আছে৷
এতিয়া প্ৰশ্ন হয় একো একোটা বিয়াগোম বিভাগৰ মন্ত্ৰী তথা আন আন উচ্চ পদস্থ বিষয়াই সূচাৰুৰূপে নিজৰ নিজৰ দায়িত্ব পালন কৰে নে৷ যদি দায়িত্ব সূচাৰুৰূপে পালন কৰে তেন্তে কাজিৰঙাত গঁড়ৰ মৃত্যু হ’ল হেতেন নে৷
বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল হৈ থাকিল হেতেন নে৷ ৰাস্তা-ঘাট জৰাজীৰ্ণ,পথাৰত জলসিঞ্চনৰ ব্যৱস্থা, চিকিৎসালয়ত চিকিৎসক-নাৰ্ছ নাই, শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱত, ডেস্ক, বেঞ্চৰ অভাৱৰ সমস্যা থাকিল হেতেন নে৷ এখন বিয়াগোম চৰকাৰে বোকাত আৱদ্ধ হোৱা এটা গঁড় উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল হেতেন নে৷
গণতন্ত্ৰত যিহেতু ৰাইজেই ৰজা যাৰ বাবে একো একোটা বিয়াগোম বিভাগৰ মন্ত্ৰী তথা আন আন উচ্চ পদস্থ বিষয়াই সূচাৰুৰূপে বিভাগ চলাব পাৰিছ নে নাই সেয়া ৰাইজে বিচাৰ কৰিব লাগিব৷
শেহতীয়াকৈ প্ৰশ্ন কাকত ফাদিল কাণ্ডই জোকাৰিছে ৰাজ্যক৷ বহু বল্কী মন্ত্ৰী যাৰ কথাৰে পানী নসৰকে তেওঁৰ বিভাগে যোৱা ১৬ টা বছৰ ধৰি ৰাজ্যৰ এটা পৰীক্ষা সুস্থ ভাৱে পৰিচালনা কৰিব পৰা নাই৷
কেতিয়াবা পৰীক্ষাৰ বহী মজুত ৰখা বিদ্যালয়ৰ গৃহ জ্বলি ছাই হয়৷ কেতিয়াবা গৰুৱে খাই পৰীক্ষাৰ বহী৷ কেতিয়াবা গণিতৰ ঠাইত আন বহীৰ বান্দিল গুছি যায়৷ বাৰে বাৰে কাকত ফাদিল হয়৷ কিন্তু মন্ত্ৰী গৰাকীয়ে এনে বিষয়ক লৈ বাৰে বাৰে তুলুঙা মন্তব্য আগবঢ়াই গুৰুত্ব পূৰ্ণ বিষয়টোক লঘু কৰি আহিছে৷
যোৱা ১৬ বছৰে নিজৰ অধিনত থকা বিভাগটোক সংস্কাৰ কৰাৰ কথা কয় যদিও মাহেকত এবাৰ সংবাদ মেল অনুষ্ঠিত কৰি চমকহে সৃষ্টি কৰে৷ টেট শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি চমক সৃষ্টি কৰা মন্ত্ৰীগৰাকীয়ে যোৱা ১৬ বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই৷
মন্ত্ৰীগৰাকীয়ে ৰাজ্য খনত পৰীক্ষা চলি আছে যদিও এদিনৰ বাবে পৰীক্ষা হ’লত উপস্থিত হৈ খবৰ লোৱা পৰিলক্ষিত নহ’ল৷ চুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনত ব্যস্ত থাকি সময় পাৰ কৰা দেখা গ’ল৷ ইমানে নহয় বিধান সভা অধিবেশনতো কমকৈ উপস্থিত থাকে মন্ত্ৰীগৰাকীয়ে৷
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সুকলমে পৰিচালনা কৰাত এইবাৰো সম্পূৰ্ণ ৰূপে ব্যৰ্থ হ’ল শিক্ষামন্ত্ৰী, ৰাজ্যৰ শিক্ষা বিভাগ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।
একাধিক খেলিমেলিৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে গোৱালপাৰত প্ৰশ্ন কাকত বিসংগতিয়ে দেখা দিয়ে। জিলা খনত প্ৰশ্ন কাকতৰ খেলিমেলিয়ে সমগ্ৰ ৰাজ্যৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে।
শুকুৰবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ গণিত, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞান প্ৰশ্ন কাকত উদ্ধাৰ হৈছিল৷ ব্যক্তিগত বিদ্যালয়খনৰ প্ৰশ্নকাকত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশ্ন কাকতৰ সৈতে বহু মিল আছিল৷ গোৱালপাৰাৰ ‘বিজ্ঞান একাডেমী’য়ে অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷
যাৰ বাবে গোৱাৰপাৰা উত্তাল হৈ পৰে৷ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷ আনহাতে একাংশ লোকে যিহেতু ব্যক্তিগত খণ্ড আৰু চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথি একে হোৱাৰ বাবে প্ৰশ্ন কাকত কিছু পৰ্যায়লৈ একে হ’ব পাৰে বুলি কয়৷ কিন্তু শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ ফলত ইয়াক গুৰুত্ব সহকাৰে লবলৈ চৰকাৰক আহ্বান জনায়৷
#এজাহাৰ দাখিল কৰে কৃষক মুক্তিয়ে
#এই ঘটনা পোহৰলৈ অহাৰ পিছতেই গোৱালপাৰা চহৰ উত্তাল হৈ পৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোৱালপাৰ সদৰ আৰক্ষী থানাত ছায়েন্স একাডেমীৰ কৰ্তৃপক্ষ, প্ৰশ্ন কাকত নিৰ্বাচক মণ্ডলী, গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ জানিব পৰা মতে, সংগঠনটোৱে মিল থকা প্ৰশ্ন কাকতৰ ফটো কপি এজাহাৰৰ সৈতে প্ৰদান কৰে আৰক্ষীক৷
#গোৱালপাৰাত প্ৰতিবাদ
গোৱালপাৰা চহৰত গোৱাৰপাৰা জিলা আছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰীক্ষা নিয়ন্ত্ৰক কমল জ্যোতি গগৈৰ প্ৰতিকৃতি দাহ কৰে। ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ কপাই তোলে।
#News18 Assam & NE নামৰ চেনেলটোৱে দাবী কৰিছিল কাকত ফাদিল হোৱা বুলি
#News18 Assam & NE নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটোৱে ২৪ ঙন্টা পূৰ্বে তেওঁলোকৰ এটা অনুষ্ঠানত দাবী কৰিছিল প্ৰশ্ন কাকত ফাদিল হোৱা বুলি৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ প্ৰশ্নকাকত আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশ্ন কাকতৰ মিল থকা বুলি দাবী কৰিছিল চেনেলটোৱে।
#বঙাইগাঁৱৰ চলন্তাপাৰাত প্ৰতিবাদ
#বঙাইগাঁও জিলাৰ চলন্তাপাৰাত ছাত্র-মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ পথত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গণিত, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
#ব্যক্তিগত বিদ্যালয় ছায়েন্স একাডেমীৰ প্ৰতিক্ৰিয়া
#গোৱালপাৰা চহৰৰ ছায়েন্স একাডেমীয়ে এই অভিযোগ খণ্ডন কৰে। এই অভিযোগক অমূলক বুলি কয় শিক্ষানুষ্ঠান খনে৷
#পৰীক্ষা নিয়ন্ত্ৰকে কি কলে?
#পৰীক্ষা নিয়ন্ত্ৰক কমল জ্যোতি গগৈয়ে ছাত্ৰ-ছাত্ৰীক শংকিত নহ’বলৈ কৈ এই প্ৰচাৰক মিছা প্ৰচাৰ বুলি কয়৷ প্ৰশ্নৰ মিল থকা বাবে কাকত ফাদিল হোৱা বুলি প্ৰচাৰ হোৱাৰ কোৱাৰ কথা উল্লেখ কৰে৷ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা নহয় বুলি স্পষ্ট কৰে৷
#ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া
#একাংশ লোকে ছচিয়েল মিডিয়াত একাংশ লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ শিক্ষা বিভাগক উভতি ধৰি এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে শিক্ষা মন্ত্ৰী, শিক্ষা বিভাগক সমালোচনা কৰে৷