শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসক ৰাজ্যজুৰি স্মৰণ, সাংবাদিক সুৰক্ষা মঞ্চৰ বিশেষ অনুষ্ঠান

newsnextone.com | ডিব্ৰুগড়ঃ জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসক বৃহস্পতিবাৰে ৰাজ্যজুৰি দল-সংগঠনে স্মৰণ কৰে। সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় সমিতিয়ে সাংবাদিকগৰাকীৰ হত্যাৰ প্ৰতিবাদ জনোৱাৰ লগতে হত্যাকাৰীক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনায়৷ ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ডিকম জনকল্যাণ যুৱ সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাক সম্বৰ্ধনা জনায়৷

ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি ডেভিদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই উদ্দেশ্য ব্যখ্যা কৰে৷ আনহাতে ধুবুৰী জিলা সাংবাদিক সুৰক্ষা মঞ্চই শ্বহীদ সাংবাদিকগৰাকীক স্মৰণ কৰে৷ ধুবুৰী ঝগড়াপাৰাস্থিত মঞ্চৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মঞ্চৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, জিলা সম্পাদক ছায়েদ আলী খানে শ্বহীদ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ 

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে শ্বহীদ সাংবাদিকগৰাকীক স্মৰণ কৰি কয় যে পৰাগ কুমাৰ দাস এজন ভাল সাংবাদিকেই নাছিল, তেওঁ আছিল নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ আদৰ্শৰ প্ৰতীক৷ বিশেষকৈ পৰাগ কুমাৰ দাস মানুহজনৰ ভিতৰত সংগ্ৰামী সত্তাটো প্ৰতিফলিত হৈছিল৷ প্ৰকৃতাৰ্থত তেওঁ আছিল সাহসী অসমী আইৰ সন্তান৷ জাতিটোৰ স্বাৰ্থত তেওঁ কৰা প্ৰতিটো কামেই জাতিপ্ৰেমীৰ স্বৰূপ স্পষ্ট হৈ পৰে৷ এনে এগৰাকী জাতিপ্ৰেমীক হত্যা কৰা আজি ২২ টা বছৰ অতিক্ৰম কৰিলে যদিও আজিৰ তাৰখলৈকে দুৰ্বৃত্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰাত সাংবাদিক সংগঠনটোৱে উদ্বগ প্ৰকাশ কৰিছে৷ 

উল্লেখ্য যে ১৯৯৬ চনৰ ১৭ মেত আতাতায়ীৰ গুলীত মৃত্যু হৈছিল জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস৷ গুৱাহাটীৰ ৰাজগড় পথৰ অসম জাতীয় বিদ্যালয়ৰ সন্মুখত দিন দুপৰতে দুৰ্বৃত্তই হত্যা কৰি থৈ গৈছিল৷ এই সমগ্ৰ ঘটনাটোত জড়িত দোষীক চিনাক্ত কৰা হৈছিল যদিও প্ৰামাণিক তথ্যৰ অভাৱত আজি পৰ্যন্ত হত্যাকাৰী মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰিছে৷ মন কৰিবলগীয়া যে ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল৷ 

আনহাতে অনুষ্ঠানত লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি দীপজয় শইকীয়া, সাধাৰণ সম্পাদক ধৰণী গগৈ, সহকাৰী সম্পাদক উজ্জল শইকীয়া, চাবুৱাৰ মিডিয়া ফ'ৰামৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি লাহন, অামছুৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা চফি অালম খান, মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় বিষয়-ববীয়া উপেন সেনাপতি, সঞ্জু গগৈ, দিগন্ত দও, বীৰ লাচিত সেনা চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন গগৈ, সাধাৰণ সম্পাদক পংকজ গগৈ, বৃহওৰ অসমীয়া যুৱ মঞ্চৰ চাবুৱা অাঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক দিপজোতি দ‌ও, বিও সচিব বিদুৰ দাস, প্রচাৰ সম্পাদক শচীন দাস, সম্পাদক প্রধান ম‌ইনা দাস উপস্থিত থাকে৷