পৰেশ বৰুৱা আৰু অৰুণোদয় দহোটীয়াৰ নাম থাকিব NRCত

গুৱাহাটীঃ এনআৰচি, নাগালিম চুক্তি তথা একাংশ নেতাৰ সাম্প্ৰদায়ীক ভাষণৰ বাবে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বুধবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে NRC৩১ ডিচেম্বৰতে প্ৰকাশ পাব বুলি মন্তব্য আগবঢ়ায়৷ সাংবাদিকৰে মুখামুখি হৈ ৩১ ডিচেম্বৰতে এনআৰচি প্ৰকাশ কৰিব বুলি স্থিতি স্পষ্ট কৰি NRCত প্ৰতিজন ভাৰতীয়ৰে নাম থাকিব বুলি কয়৷

আনহাতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু প্ৰচাৰ সচিব অৰুণোদয় দহোটীয়াৰ নাম থাকিব মন্তব্য আগবঢ়ায়৷ NRC সন্দৰ্ভত কোনোৱে অশান্তি কৰিব বিছাৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি কৈ কোনো যি কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষী সদায় সাজু বুলিও কয় তেও৷ প্ৰয়োজন হ'লে অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানীও মাতি অনা হ’ব বুলি কৈ অখ্যাত হিন্দু সংগঠনৰ নেতা দেৱতনু ভট্টাচাৰ্যৰ তদন্ত অভিযান অব্যাহত থকা বুলি কয়৷