মৃত্যু, পৰেশৰ বাবে ৰৈ আছিল এডাল গছ

মুকালমুৱাঃ কিন কিনিয়া বৰষুণ দি থকাৰ বাবে তেও ঘৰৰ পৰা ওলাই আহিব পৰা নাছিল৷ শুকুৰবাৰে বজাৰলৈ আহি পাকঘৰৰ সা-সামগ্ৰী নিয়াৰ কথা আছিল৷ কিন্তু বতৰে বিধি-পথালি দিয়ে৷

শুকুৰবাৰে বজাৰলৈ অহা নহ’ল৷ পাকঘৰত নাছিল নিশাৰ সাজৰ বাবে যোগাৰ৷ পৰিয়ালৰ লোকৰ কথা মতে শনিবাৰে বিয়লি ওলাই আহিছিল বজাৰলৈ৷  বজাৰলৈ আহি বজাৰ-সামৰ কৰি চাইকেল খনত উঠি ঘৰলৈ গৈ আছিল৷ কিন্তু বিধিৰ বিপাক৷

বজাৰৰ পৰা কিছুদুৰ যোৱাৰ পিছতে পথৰ দাতিৰ গছ এডাল তেওৰ ওপৰতে বাগৰি পৰে৷ কিছু সময় পিছতে প্ৰাণ গ’ল তেওৰ৷ তেওৰ নাম পৰেশ বেজবৰুৱা। নলবাৰী জিলাৰ মুকালমুৱাৰ দক্ষিণ বেজকুচিত ঘৰ আছিল তেওৰ৷ মুকালমুৱাৰ শনিবৰীয়া বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত হামলাকুৰত গছ বাগৰি মৃত্যু হয় পৰেশ বেজবৰুৱাৰ। যাৰ বাবে কোৱা হয় মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কত কেতিয়া কৈনেকৈ হয় কোনে জানে৷