
তুলসীবাৰীঃ এতিয়াৰ শিশুই জন্ম পিছৰে পৰা নিজ ঘৰখনত কম্পিউটাৰ, মোবাইল, গেম খেলাৰ সামগ্ৰীৰ মাজতে ডাঙৰ-দীঘল হয়৷ যাৰ বাবে একাংশ শিশুৱে সৰুৰৈ পৰা মোবাইল নতুবা কম্পিউটাৰ চলোৱাৰ জ্ঞান আহৰণ কৰে৷ কিন্তু একাংশ পৰিয়ালৰ সন্তানে তেনে কোনো সামগ্ৰী চুই চাবলৈ নোপোৱাৰ পিছতো প্ৰযুক্তি বিদ্যাৰ দিশত কিবা এটা কৰাৰ বাবে চেষ্টা কৰে৷
বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তানে তেনে সুবিধা লাভ নকৰে৷ কিন্তু দৰিদ্ৰতা সফলতাৰ অন্তৰায় নহয়৷ যদিহে প্ৰতিভাৰ গৰাকী হয়৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীৰ বাদল দাস নামৰ সপ্তম শ্ৰেণীৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ এগৰাকীৰ এনে এক সফলতাৰ কাহিনী পোহৰলৈ আহিছে৷ পেলনীয়া সামগ্ৰীৰে এটিএম মেচিন এটাৰ দৰে বুটাম টিপিলেই টকা উলিয়াব পৰাকৈ সাজু কৰি উলিয়াই চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ মেধাসম্পন্ন বাৰ বছৰীয়া ছাত্ৰগৰাকীৰ সফলতাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে৷
আনকি উক্ত মেচিনটোৰ পৰা এশ, ৫শ আৰু ২হাজাৰ টকীয়া নোট উলিয়াব পৰাকৈ এটিএম কাৰ্ডো সাজি উলিয়াইছে তীক্ষ্ণ মেধাবী ছাত্ৰ গৰাকীয়ে৷ ইয়াৰ উপৰিও পেলনীয়া কাৰ্টন, বিকল কম্পিউটাৰ কি-পেড, মোবাইলৰ বিকল বেটাৰী আদি সামগ্ৰীৰে বাইক, পুতলা, চাৰ্জাৰ লাইটকে ধৰি বিভিন্ন সামগ্ৰী নিৰ্মাণৰে উদ্ভাবনী শক্তিৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে৷
কোনো ধৰণৰ কাৰিকৰী শিক্ষা অবিহনে দিন হাজিৰা কৰা পৰিমল দাসৰ পুত্ৰ বাদলে একাগ্ৰতাৰ বলত সৃষ্টিশীল মনৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ ছাত্ৰ হিচাপে অতি মেধাবী বাদলৰ ভবিষ্যতে এগৰাকী সফল অভিযন্তা হোৱাৰ মন৷ সা-সুবিধা প্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ণ কৰাৰ হাবিয়াস বুকুত বান্ধি ৰখা বাদলৰ ইপ্সিত আকাংক্ষা বাস্তবায়িত কৰাৰ উদ্দেশ্যৰে তুলসীবাৰী শংকৰদেব শিশু নিকেতনৰ প্ৰধান আচাৰ্য গৰাকীয়ে সমূহ আচাৰ্য-আচাৰ্যাৰ সহযোগত ছাত্ৰ গৰাকীক বিনা মূলীয়াকৈ দশম শ্ৰেনীলৈ অধ্যয়নৰ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ তৰণীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় ন'ভা একাডেমী কৰ্তৃপক্ষই ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে প্ৰতি বৰ্ষতে জলপানী দিয়াৰ বিশেষ উদ্যোগ গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে৷ ছাত্ৰগৰাকীয়ে অদুৰ ভৱিষ্যতে ৰাইজৰ সহায়-সহযোগ তথা উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে নিঃসন্দেহে আগুৱাই যাব পাৰিব৷