জ্ঞানজ্যোতি আঁচনি, লোকনৃত্যত দ্বিতীয় স্থান দখল কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰিস্মিতাই

দলংঘাটঃ মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ অধিনত অনুষ্ঠিত নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ছাত্ৰীয়ে৷ যোৱা ৭ নবেম্বৰৰ পৰা অসমভিত্তিক অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিত দৰং জিলাৰ বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীস্মিতা ডেকা সহ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়৷

লোকনৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে বিদ্যালয়লৈ নৱম মান শ্ৰেণীৰ ছাত্ৰী পৰিস্মিতা ডেকাই। পৰিস্মিতা ডেকাই বিদ্যালয় খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ বিদ্যালয় খনৰ শিক্ষাক, ছাত্ৰ ছাত্ৰীৰ লগতে বালিপোতা অঞ্চলৰ অনুষ্ঠান-প্রতিষ্ঠানে পৰিস্মিতাক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যৰ মুঠ ১৫খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত৷