
গুৱাহাটীঃ যোগ গুৰু বাবা ৰাম দেৱৰ শুদ্ধ দেশী সামগ্ৰী প্ৰস্তুত কৰা পতঞ্জলীৰ পৰা অসমৰ দেশী যুৱকক ছাটাই কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অসমৰ থলুনা যুৱকক মিস্ত্ৰী কামৰ পৰা উলিয়াই দি বহিঃ ৰাজ্যৰ যুৱকক নিয়োগ কৰাত উজনি-নামনিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে বৃহস্পতিবাৰে উজনিৰ পতঞ্জলীৰ ব্যৱসায় প্ৰতিষ্ঠানত তলা ওলমিব৷
৮৫ জন থলুৱা শ্ৰমিকক চাকৰিৰ পৰা অব্যাহতি দি বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি দিয়াত ক্ষোভ প্ৰকাশ কৰি এদিনৰ বাবে উজনিৰ পতঞ্জলীৰ বিক্ৰী কেন্দ্ৰ সমূহত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰিব টাই আহোম যুৱ পৰিষদে। সংগঠনটোৱে এক বিবৃতি যোগে অসমৰ মাটিত ব্যৱসায় কৰি অসমৰ থলুৱা যুৱক-যুৱতীক বঞ্চনা কৰা কোনো কাণ্ড সহ্য কৰা নহব বুলি স্পষ্ট কৰে সংগঠনটোৱে।
৮৫ জন থলুৱা শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াৰ প্ৰতিবাদত সমগ্র উজনি অসমৰ পতঞ্জলী সামগ্ৰী বিক্ৰী বিপনিত বৃহস্পতিবাৰে তলা লগোৱা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে টাই আহোম যুৱ পৰিষদে৷ অসম বাসীক এই কাৰ্যসূচীত সহায়-সহযোগিতা কৰাৰ ৰগতে পতঞ্জলী সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই সংগঠনটোৱে।