
গুৱাহাটীঃ যোগ গুৰু বাবা ৰাম দেৱৰ শুদ্ধ দেশী সামগ্ৰী প্ৰস্তুত কৰা পতঞ্জলীৰ পৰা অসমীয়া দেশী যুৱকক ছাটাই কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে উজনিৰ ৰাজ পথলৈ ওলাই আহে লোক৷ পতঞ্জলীৰ পৰা অসমীয়া দেশী যুৱকক ছাটাই কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে বৃহস্পতিবাৰে পুৱাৰে পৰা উজনি অসমৰ পতঞ্জলীৰ বিক্ৰী কেন্দ্ৰ সমূহ বন্ধ ঘোষণা কৰে টাই আহোম যুৱ পৰিষদে৷
সংগঠনৰ লোকসকলে উজনিৰ শিৱসাগৰ, শদিয়া, নাজিৰা, চৰাইদেউৰ লগতে বিভিন্ন ঠাইৰ লগতে সোণাৰিত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায়৷ অসমৰ থলুনা যুৱকক মিস্ত্ৰী কামৰ পৰা উলিয়াই দি বহিঃ ৰাজ্যৰ যুৱকক নিয়োগ কৰাত উজনি-নামনিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে বৃহস্পতিবাৰে উজনিৰ পতঞ্জলীৰ ব্যৱসায় প্ৰতিষ্ঠানত তলা ওলমি থকা দে গ’ল৷
শোণিতপুৰত নিৰ্মাণ হৈ থকা পতঞ্জলীৰ উদ্যোগৰ পৰা ৮৫ জন থলুৱা শ্ৰমিকক কামৰ পৰা অব্যাহতি দি বহিঃ ৰাজ্যৰ যুৱকক নিযুক্তি দিয়াত ক্ষোভ প্ৰকাশ কৰি এদিনৰ বাবে উজনিৰ পতঞ্জলীৰ বিক্ৰী কেন্দ্ৰ সমূহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে। সংগঠনটোৱে এক বিবৃতি যোগে অসমৰ মাটিত ব্যৱসায় কৰি অসমৰ থলুৱা যুৱক-যুৱতীক বঞ্চনা কৰা কোনো কাণ্ড সহ্য কৰা নহব বুলি স্পষ্ট কৰে সংগঠনটোৱে। টাই আহোম যুৱ পৰিষদে৷ অসম বাসীক এই কাৰ্যসূচীত সহায়-সহযোগিতা কৰাৰ ৰগতে পতঞ্জলী সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই সংগঠনটোৱে।
সংগঠনটোয়ে শোণিতপুৰত নিৰ্মাণ হৈ থকা পতঞ্জলী কাৰখানাত আগন্তুক দিনত ১০০% থলুৱাক নিযুক্তি প্ৰদান নকৰিলে আগন্তুক দিনত উজনি আৰু উত্তৰ অসমত পতঞ্জলীৰ সামগ্ৰী প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷