পথৰুঘাটৰ ৰণৰ সাত কুৰি শ্বহীদ কৃষকক স্মৰণ

ছিপাঝাৰ/দলংঘাটঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা পশ্চিম দিশে প্ৰায় ১৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত পথৰুঘাট নামৰ ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৰোঁতে বৃটিছে চলোৱা গুলীত বহু কৃষকৰ মৃত্যু হৈছিল। দৰং জিলাৰ পথৰুঘাটত সংঘটিত এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বুলি জনা যায়।

পথৰুঘাটৰ ৰণৰ স্মৃতি ইতিহাসৰ পৃষ্ঠাত সোণালি আখৰেৰে আজিও লিখা আছে৷ মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ওলাই আহি মৃত্যুবৰণ কৰা কৃষকসকলক দেওবাৰে স্মৰণ কৰে দৰংবাসীয়ে৷ দৰং জিলা প্ৰশাসনে পাথৰিঘাট শ্বহীদ বেদীত অনুষ্ঠিত কৰা বিশেষ কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দৰং জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে পুৱা শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পাথৰিঘাট শ্বহীদ উদ্যানত পুৱা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে৷ সামুহিক বন্তি প্রজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷

বৃক্ষৰোপন কৰে ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আয়ুব আনচাৰিয়ে৷ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতীয়ে৷ মুকলি সভাত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মতিৰাম মেধি, ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক ৰাম চন্দ্ৰ ডেকা, সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই৷

অনুষ্ঠানত বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাই অনুষ্ঠান পৰিৱেশন কৰে৷ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসৰ বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সদৌ দৰং জিলা ছাত্ৰ সন্থাই কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।