
গুৱাহাটীঃ চিকিৎসকৰ চকুৰ সন্মুখৰে পৰা এগৰাকী ৰোগী অন্তৰ্ধান হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰে লখিমপুৰ জিলাত৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অস্ত্ৰোপচাৰ কক্ষৰ পৰা কিডনী বিকল ৰোগীয়ে পলায়ন কৰা কাণ্ডই চিকিৎসক আৰু ৰোগীৰ পৰিয়ালৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লখিমপুৰ জিলাৰ ঢলপুৰৰ নিতুল দাস নামৰ লোকজনে এনেদৰে পলায়ম কৰে৷
দুদিন পূৰ্বে পেটৰ বিষ হোৱাৰ বাবে ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছিল দাসক৷ যদিও চিকিৎসকে বৃক্ক বিকল হোৱা বুলি কোৱাত অস্ত্ৰোপচাৰৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু GMCHৰ অস্ত্ৰোপচাৰ কক্ষত অস্ত্ৰোপচাৰৰ বাবে চিকিৎসকৰ দল সাজু হৈ থকাৰ সময়তে ৰোগী নিতুল দাস অন্তৰ্ধান হয়। পিছত ডাক্তৰ আৰু পৰিয়াল বৰ্গই ৰোগীক বিচাৰি চলাথ কৰে যদিও বৰ্তমানেও নিৰুদেশ হৈ আছে তেও।
স্বামীৰ তেনে কাণ্ডত এতিয়া বিমোৰত পৰিছে কণ কণ সন্তান সহ পত্নীয়ে। অস্ত্ৰোপচাৰৰ ভয়ত নে, আন কিবা কাৰণত কলৈ গ'ল, ক'ত হেৰাল অসুস্থ স্বামী একো ভূ-কেই পোৱা নাই পত্নীয়ে। আনফালে স্বামী বিহীন সংসাৰ খন, কণমানি কেইটা কেনেকৈ চম্ভালে এক দুখ জনক বিষয় হৈ পৰিছে পত্নীৰ বাবে। কোনো সদাশয় লোকে লোক জনৰ সন্ধান পালে নিউজ নেক্সত ওৱানৰ সৈতে যোগাযোগ কৰিব পাৰে।