এটেনশ্যন টু হিমন্ত! মমৰ পোহৰত চিকিৎসা সেৱা কিয়?

বাঘবৰঃ এখন চিকিৎসালয়ত মমবাতিৰ পোহৰেৰে চলিছে চিকিৎসা সেৱা৷ ৰোগীক চিকিৎসা কৰিবলৈ চিকিৎসা কৰ্মীয়ে হাতত মমবাতি লৈ ঘূৰিছে ইটোৰ পৰা সিটো কোঠা৷ ৰোগীৰ বিছনাৰ ওচৰত জ্বলাই দিয়া হৈছে মমবাতি।

এনে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ত৷ টি আৰ পি শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ বিভাগে বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জেনেৰেটৰ যোগান ধৰিব নোৱাৰাৰ ফলস্বৰূপে মমবাতিৰ  পোহৰত চিকিৎসা কৰিবলগীয়া হৈছে ৰোগীক৷

ৰাজ্যৰ স্বাস্থ্য আৰু শক্তিমন্ত্ৰীয়ে শিক্ষকক সন্মুখত বহুৱাই ঠাট্টা-মস্কৰা কৰি খতিয়ান লোৱাৰ দৰে তেওঁলোকৰ খতিয়ান কোনে ল'ব বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰে বাঘবৰৰ সচেতন নাগৰিকে৷ 

ৰাজ্যত এতিয়া বিদ্যুৎ বিভাগৰ শ্মশান যাত্ৰা। কৰবাত যদি বিদ্যুতৰ তাঁৰ ছিঙি নিৰীহ লোকৰ প্ৰাণ গৈছে আন কৰবাত আকৌ বিদ্যুৎ নথকাত মমৰ পোহৰেৰে চলিছে ৰোগীৰ চিকিৎসা।

নিশা এনে এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় বাঘবৰৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ত। বৃহত্তৰ বাঘবৰৰ ৰাইজৰ একমাত্ৰ চিকিৎসালয়খনত নিশা ৰোগী আহে যদিও বিদ্যুৎ নথকাত মমৰ পোহৰেৰে ৰোগীক চিকিৎসা সেৱা আগবঢ়াব লগীয়া হয় চিকিৎসকে।

সেয়াও আকৌ ৰোগীৰ আত্মীয়ই কিনি আনিব লগা হয়। চিকিৎসালয়খনত জেনেৰেটৰ আছে যদিও বিকল হৈ পৰি আছে৷ উৎকট গৰমত বিচনীৰে ৰোগীক বতাহ দিছে আত্মীয়ই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালিৰ পাছতো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এনে পঁয়ালগা অৱস্থা কিয় হ'ল বুলিও ৰাইজে প্ৰশ্ন কৰে। এতিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত আৰু শক্তিমন্ত্ৰী পল্লবৰ কোনে খতিয়ান ল'ব বুলিও প্ৰশ্ন কৰে ৰাইজে।