বিশ্বনাথত কেঁচা চাহপাতৰ মূল্য হ্ৰাসৰ অভিযোগ কংগ্ৰেছৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বিহালীঃ সম্প্ৰতি বিশ্বনাথ জিলাত কেঁচা চাহপাতৰ দাম আকৌ কমি বৰ্তমান ১৩-১৪ টকা হৈছে। যি সময়ত খেতিয়কৰ উৎপাদনৰ খৰছ বাঢ়ি গৈ আছে, সেই সময়ত কেঁচা পাতৰ মূল্য কমি গৈ আছে।তাৰোপৰি বিভিন্ন সময়ত কোম্পানী আৰু বটলিফ ফেক্টৰীবোৰে বিভিন্ন অজুহাত দেখুৱাই খেতিয়কসকলৰ কেঁচা পাত ঘূৰাই পঠায়৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাত থকা আটাইকেইখন আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা গোট হৈ বিশ্বনাথ জিলা ক্ষুদ্র চাহ খেতিয়ক সন্থা গঠন কৰিবলৈ আহ্বান জানাইছে কংগ্ৰেছে।

কাৰণ বিশ্বনাথ জিলা গঠন হোৱাৰে পৰা শোণিতপুৰ জিলাৰ লগত একগোট হৈ থাকি কাম কৰাৰ বিশেষ সুবিধা পৰিলক্ষিত হোৱা নাই। বিশ্বনাথ জিলাত টি মণিটৰিং কমিটি গঠন হ’ব লাগে আৰু সোনকালেই কেচা পাতৰ উচিত মূল্য নিৰ্ধাৰণ হ’ব লাগে।

আনহাতে চাহ খেতিয়কৰ এই হাহাকাৰ অৱস্থাত বিশ্বনাথ জিলাৰ দুই বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা আৰু মন্ত্ৰী ৰঞ্জিত দত্তৰ ভূমিকা লাজ লগা ধৰণে বিফল হৈছে বুলিও কংগ্ৰেছৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিলিপ বৰুৱা আৰু মুখপাত্ৰ তুষাৰ বৰাই অভিযোগ উত্থাপন কৰিছে৷

এই বিষয়ত দুই বিধায়কে চকু মুদা কুলিৰ ভাও ধৰা বুলি কংগ্ৰেছে দাবী উত্থাপন কৰিছে।তেওঁলোকৰ নিজ নিজ সমষ্টিত হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে যদিও খেতিয়কৰ এই সমস্যাৰ সময়ত বিধায়ক কেইজনক লগ পোৱা নাযায়। 

চাহপাতৰ দাম সম্পৰ্কে চৰকাৰ গঠন হোৱাৰ  ডেৰ বছৰ উকলি যোৱা সত্তেও আজিলৈকে একো পদক্ষেপ গ্ৰহণ কৰা নাই৷ বৰঞ্চ চাহ মালিক গোষ্ঠীৰ লগত মিতিৰালি কৰি বৃহৎ পুঁজিপতিৰ স্বাৰ্থত থিয় দিয়া পৰিলক্ষিত হৈছে। বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্রী ৰঞ্জিত দত্ত নিজেই চাহ ফেক্টৰীৰ মালিক হোৱা বাবে তেখেতৰ পৰা কেঁচা চাহপাতৰ উচিত মূল্য ক্ষুদ্ৰ খেতিয়কে যে পাব সেই আশা কৰা বিশ্বনাথবাসী ৰাইজৰ এক অলীক সপোনৰ বাদে একো নহয়।

মন্ত্ৰীৰ দৰে এক গধুৰ দায়িত্ব লৈ কমিচন লোৱাত হে ব্যস্ত, ৰাইজৰ কাম কৰাত মুঠেই আগ্ৰহী নহয় মন্ত্ৰী ৰঞ্জিত দত্ত বুলিও কংগ্ৰেছে অভিযোগ কৰে৷ বিশ্বনাথ জিলা কংগ্ৰেছ দলে তিনিওজন বিধায়কক ৰাইজক দি অহা নিৰ্বাচনী প্ৰতিশ্ৰুতি সমুহ পূৰণ কৰিবলৈ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এই সমস্যাৰ সময়ত আগবাঢ়ি আহিবলৈ আহবান জনাইছে।