
newsnextone.com | নগাঁওঃ সাধাৰণ লোকক বাৰিষাৰ বানে দিয়া যন্ত্ৰণাৰ কথাকেই উপলব্ধি কৰি হয়তো ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আগন্তক বাৰিষাত আৰু কোনো নৈৰ পাৰ নাভাঙে৷ কোনো মানুহেই বাৰিষা হেৰুৱাবলগীয়া নহয় আপোন ঘৰখন৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব মথাউৰি নিৰ্মাণ৷
৩০ এপ্ৰিললৈ পাৰ হৈ গ’ল৷ ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলও অনুষ্ঠিত কৰিলে৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাঙি ধৰিলে৷ অহা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ ২৫টা মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি জলসম্পদমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত ২৫টা মথাউৰি নিৰ্মাণত হোৱা ব্যয়ৰ পৰিমাণ ৯০ কোটি ৫৩ লাখ টকা বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰীৰ মতে তাৰ মানে ৫ দিনৰ ভিতৰত ১ টা মাথাউৰি এৰি সকলো মথাউৰি নিৰ্মাণ সমাপ্ত হ’ব৷ মন্ত্ৰীৰ মতে ৰাজ্যত এটা মথাউৰি নিৰ্মাণ হ’বলৈ বাকী আছিল৷
কিন্তু গাঁঁৱলৈ নোযোৱা মন্ত্ৰীয়ে নাজানে ৰাজ্যত আজিও এচপৰা মাটি নপৰা উন্মুক্ত মথাউৰি বহু আছে৷ মন্ত্ৰীৰ দাবীক হয়তো এৰপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা যে একেবাৰেই তথৈবচ তাকেই প্ৰমাণ কৰিব পৰাকৈ বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷ বৰমূৰীয়াই মথাউৰি নিৰ্মাণৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও ফাইলতে থাকি যায় মথাউৰি নিৰ্মাণৰ নমুনা৷ বাৰিষা আহিলেই নগাঁৱৰ ধিং-শিলঘাট সংযোগী মথাউৰিটো মথাউৰিৰ পাৰত কৃষক ৰাইজে প্ৰলয়ৰ আশংকাত দিন পাৰ কৰিছে৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বিভিন্ন প্ৰান্তত থকা মথাউৰি সমূহ ৩০ এপ্ৰিলৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰি তুলিবৰ বাবে সময়সীমা বান্ধি দি নিৰ্দেশ জাৰি কৰিছিল যদিও সেই সময়সীমা পাৰ হোৱাৰ পিছতো নগাঁও জিলাৰ উত্তৰ প্ৰান্তৰ ধিং-শিলঘাট সংযোগী মথাউৰিটো আজিকোপতি মেৰামতি কৰা নহ’ল৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাৰ মথাউৰিটোৰ ম্যাদ কেতিয়াবাই উকলি যোৱাৰ পিছতো আশ্চৰ্যজনকভাবে বাৰিষাৰ পূৰ্বে ইয়াৰ প্ৰয়োজনীয় মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া নৈপৰীয়া ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷
স্মৰ্তব্য যে, মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীক ভেটিবৰ বাবে ১৯৫৫-৫৭ চনত ৯৬ কি’লমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল৷ জানিব পৰা মতে, প্ৰকৃততে মথাউৰিৰ ম্যাদ নিৰ্মাণ কালৰে পৰা ২৫ বছৰলৈকে থাকে৷ সেই হিচাপত এই মথাউৰিটোৰ ম্যাদ আজিৰ পৰা ৩৫ বছৰ অৰ্থাৎ ১৯৮২ চনতে উকলিছে৷ কিন্তু বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ খোদ গৃহ জিলাতে ৩৫ বছৰৰ পূৰ্বেই ম্যাদ উকলা অতি গুৰুত্বপূৰ্ণ মথাউৰিটো মেৰামতি কৰাৰ প্ৰয়োজন বোধ নকৰিলে সংশ্লিষ্ট বিভাগে৷
প্ৰকৃতাৰ্থত মথাউৰিটো ওখ আৰু সৱলীকৰণ কৰাটো অতিকে জৰুৰী আছিল যদিও কি কাৰণত গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোৱে তাকে লৈ সচেতন মহলৰ মাজত সৰৱ চৰ্চা চলিছে৷ ঘাইকৈ মথাউৰিটোৰ লাওখোৱাৰ পাঁচঘৰীয়াৰ পৰা হালধীয়াসূতিৰ চেনীমাৰী পৰ্যন্ত প্ৰায় ১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশটোৰ অৱস্থা পুতৌজনক আৰু বিপদসংকুল৷ এই অংশটোৰ অৱস্থা ইমানেই শোচনীয় যে মহাবাহু ব্ৰহ্মপুত্ৰৰ ফেনে-ফোটোকাৰে বাঢ়ি অহা বাঢ়নী পানীক ভেটা দি ৰাখিব পৰাৰ ক্ষমতা কেতিয়াবাই হেৰুৱাই পেলাইছে৷
ঠাইৰপাঁচঘৰীয়া, দন্দুৱা, ৰৌমাৰী, ফুটালজাৰ, কালিয়াদিংগা, নলকটা, কঁঠালগুটি আদি অঞ্চলত মথাউৰিৰ অৱস্থা ইমানেই শোচনীয় যে বাৰিষা আহিলেই ঠায়ে ঠায়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী নিগৰি অহাৰ বিপৰীতে ঠাই বিশেষে আকৌ পানী মথাউৰিৰ ওপৰেৰে বৈ আহে৷ যাৰ ফলত মথাউৰিৰ দাঁতিকাষৰীয়া নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰাৰ লগতে বিনিদ্ৰ ৰজনী অতিবাহীত কৰিব লগীয়াত পৰে৷
প্ৰণিধানযোগ্য যে, নিৰ্মাণ কৰাৰে পৰা ধিং-শিলঘাট সংযোগী এই মথাউৰিটোৰ পাচঘৰীয়াৰ পৰা চেনীমাৰী পৰ্যন্ত এই অংশত বিগত সময়ছোৱাত বহুকেইবাৰ মথাউৰি বৰলুইতৰ বাঢ়নী পানীয়ে চিগি পেলোৱাত নগাঁৱৰ উত্তৰাঞ্চলৰ এক বিস্তৃৰ্ণ অঞ্চল জলমগ্ন কৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ কাজেই, এনে এটা অতি স্পৰ্শকাতৰ জৰাজীৰ্ণ মথাউৰি মেৰামতি নকৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো সংশ্লিষ্ট বিভাগটোৱে আওকাণ কৰা কাৰ্যই আচলতে জলসম্পদ মন্ত্ৰীগৰাকীৰ চূড়ান্ত ব্যৰ্থতাকে সুচাইছে বুলি নগঞা সচেতন মহলে মতপোষণ কৰিছে৷