দাম কমিল পেট্ৰল-ডিজেলৰ, পেট্ৰলত ১০ টকা বৃদ্ধি কৰি ৬৩ পইচা কমালে মোডীয়ে

newsnextone.com | গুৱাহাটীঃ সমগ্ৰ দেশত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে৷ প্ৰতিদিনে বৃদ্ধি হৈ অহা পেট্ৰল আৰু ডিজেলৰ মূল্যই সাধাৰণ মানুহৰ চলাচলত ব্যঘাত জন্মাইছে৷

আনহাতে পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে দেশৰ মোডী চৰকাৰ কালত অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে৷ কিন্তু আন্তৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ দোহাই দি তৈল সংস্থা সমূহে প্ৰতিদিনেই বৃদ্ধি কৰি আহিছে পেট্ৰল-ডিজেলৰ মূল্য৷ বিগত প্ৰায় ১৫ দিনত পেট্ৰল আৰু ডিজেলৰ মূল্যত প্ৰায় ১০ টকা বৃদ্ধি কৰা পৰিলক্ষিত হয়৷

মূল্য বৃদ্ধিয়ে চৰম সীমা অতিক্ৰম কৰাৰ পিছত বুধবাৰে কিছু পৰিমাণে হ’লেও সকাহ লাভ কৰে সাধাৰণ জনতাই৷ বুধবাৰে প্ৰতিলিটাৰ পেট্ৰলত ৬৩ পইচা হ্ৰাস কৰি আৰু ডিজেলত ৫৯ পইচা হ্ৰাস পায়৷ কমকৈ হ’লেও পেট্ৰল-ডিজেলৰ হ্ৰাস পোৱা মূল্যই সাধাৰম জনতাক কিছু পৰিমাণে আস্বস্ত কৰিবলৈ সক্ষম হৈছে বুলি অনুমান কৰিব পাৰি৷ আনহাতে মূল্য হ্ৰাস পোৱাৰ পিছত পুনৰ পেট্ৰলিয়াম সামগ্ৰীত মূল্য বৃদ্ধি নঘটে বুলি জনতাই আশা প্ৰকাশ কৰিছে৷

মঙলবাৰে গুৱাহাটীত পেট্ৰলৰ মূল্য ৮০.৬৬ টকালৈ বৃদ্ধি পোৱাৰ পিছত বুধবাৰে ৬৩ পইচা হ্ৰাস হৈ ৮০.০৩ টকা হৈ পৰে৷ আনহাতে প্ৰতিলিটাৰ ডিজেলত ৫৯ পইচা হ্ৰাস হৈ বুধবাৰে গুৱাহাটীত ডিজেল মূল্য ৭১.৭৮ টকা হয়৷ উল্লেখ্য যে মঙলবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম আছিল ৭২.৩৭ টকা৷