মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত পানী যোগানৰ নামত ৩ কোটিৰ দুৰ্নীতি, ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

newsnextone.com | চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত পানী যোগান আঁচনিৰ নামত ৩ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিয়াগোম দুৰ্নীতিৰ তদন্ত নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ পানী যোগান আঁচনিৰ নামত ৰাজকোষৰ তিনি কোটিতকৈ অধিক টকা ধন নষ্ট হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ 

২০০৭ চনতেই ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰত পানী যোগানৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰে ৩১৩.৪৬ লাখ টকা ব্যয়েৰে আৰম্ভ কৰিছিল পানী যোগান আঁচনিৰ কাম৷ কিন্তু যোৱা ১১টা বছৰে আঁচনিৰ কাম আজিলৈ সম্পূৰ্ণ নহ'ল৷ কাম আধাতে সামৰি অাসাম আৰবান ৱাটাৰ ছাপ্লাই এণ্ড চিওৰেজ ৱ'ৰ্ড নামৰ প্ৰতিষ্ঠানটোৱে চাবুৱাৰ পৰা যোৱা ১০ বছৰ পূৰ্বে পলায়ন কৰে৷ চাবুৱা নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ব'ৰ্ডখনে কোটি টকা আত্মসাৎ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰা মতে বৃহৎ প্ৰকল্পৰ কাম সম্পাদন কৰাৰ বাবে প্ৰভাত দত্ত, জে কে পাণ্ডে, সুনীল ভৌমিক, ৰবিন গগৈ, মেছাৰ্ছ সুৰষ এণ্টাৰ প্ৰাইজ নামৰ ঠিকাদাৰ কেইজনে কামৰ ঠিকা লাভ কৰিছিল। 

উল্লেখ্য যে, ২০০৭ চনতে অসম নগৰ পানী যোগান আঁচনি আৰু নিস্কাসন ব’ৰ্ডে চাবুৱা নগৰ পানী যোগান আঁচনিৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল৷ কিন্তু বিগত ১১ বছৰ পিছতোঁ আজিও নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাত চাবুৱা নগৰবাসীৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিয়ে বিভাগটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ আঁচনিখন ৰূপায়ণৰ বাবে তিনি কোটিটকৈ অধিক টকা আৱণ্টন দিছিল চৰকাৰে৷ 

সেই মতে সকলো সামগ্ৰী মজুত কৰিছিল আঁচনি নিৰ্মাণ হ’ব লগা ঠাইত৷ পাইপৰ লগতে আন আন সামগ্ৰী সমূহ যোৱা ১১ বছৰে ৰদ-বৰষুণ পৰি নষ্ট হ’ব ধৰিছে৷ হাবি-জংঘলৰ মাজত পাইপ সমূহ আজিও প্ৰকল্পস্থলীত দ'ম বান্ধি পৰি আছে। সেইবিলাকৰো তদাৰক কৰিবলৈ কোনো নাই৷ ফলত পানীৰ পাইপ সমূহ জহি-খহি যাব ধৰিছে৷ গৰু, ছাগলীৰ গচকত আৰু অন্য কাৰণত ভাঙি-ছিঙি যাব ধৰিছে সামগ্ৰী সমূহ। 

চৰকাৰী ধনেৰে ক্ৰয় কৰা এনে মূল্যৱান চিমেণ্টৰ পাইপসমূহ এনেদৰে অপচয় হোৱাত স্থানীয় ৰাইজে প্ৰকল্পটো নিৰ্মাণত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ বুলি অভিযোগ উত্থাপন কৰিছে। প্ৰকল্পটোৰ চৰকাৰী ধনৰ অপ ব্যৱহাৰ হোৱাৰ উপৰিও একাংশ ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ আৰু একাংশ মধ্যভোগী দালালে সৰহ সংখ্যক ধন আত্মসাৎ কৰিছে বুলি কয় চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই। 

বিধায়কগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে অসম বিধান সভাৰ মজিয়াত মই প্ৰথমবাৰ নিৰ্বাচিত হৈ যাওতেই এই প্ৰশ্ন উত্থাপন কৰিছিলো সেই সময়ত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্রী অতুল বৰা আৰৱান মন্ত্ৰী আছিল৷ তেতিয়া মই বিধান সভাৰ মজিয়াত প্ৰশ্ন কৰিছিলো যে চাবুৱা নগৰত নিৰ্মাণ হৈ থকা পানী যোগান আঁচনিৰ কাম কিয় আধৰুৱা হ’ল। তেতিয়া বিভাগীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কথা দিছিল যে দুমাহৰ পিছতেই মই পানী ৰাইজে খাব পৰাকৈ ব্যৱস্থা কৰি দিম। 

দুমাহ পাৰ হ'ল একো কামেই নহ'ল তাৰ পিছত আকৌ এইবাৰ মই অতুল বৰা ডাঙৰীয়াক একেই প্ৰশ্ন কৰিলো তেতিয়া তেওঁ মোক এটা ৰি'পট দি কলে যে চাবুৱা নগৰবাসী ৰাইজৰ সহাৰি নাই পোৱা। তেতিয়া বিধায়কগৰাকীয়ে কেনেকুৱা সহাৰি বুলি উলোটাই প্ৰশ্ন কৰাত বিধায়কগৰাকীক বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ পাইপলাইনৰ কাম সম্পূৰ্ণ হৈছে খালী ৰাইজে কানেকচন লোৱা নাই৷ মই কৈছো যে তাত এতিয়ালৈকে পাইপলাইন বহুওৱা নাই পানী কৰ পৰা যোগান ধৰিব।

বিধায়কগৰাকীয়ে স্পষ্টকৈ কয় যে মন্ত্ৰীয়ে সম্পূৰ্ণ এটা ভুৱা কথা কলে। বিভাগীয় বিষয়া আৰু ঠিকাদাৰে বিধান সভাৰ মজিয়াত সম্পূৰ্ণ এটা ভুৱা তথ্য দিছে। বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতেই এতিয়া সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জগজিৎ গোহাঁই, জিতুপন শইকীয়া অাৰু সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈয়ে কয় যে ঠিকাদাৰ আৰু বিভাগীয় বিষয়াই সমগ্ৰ প্ৰকল্পটোৰ কাম আধাতে সামৰি এজন মাত্ৰ চকীদাৰৰ হাতত চোৱা চিতাৰ দায়িত্ব দি চাবুৱাৰ পৰা পলায়ন কৰিছে। 

যোৱা ১১ বছৰে জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাওঁ ধৰি আছে। বিধায়কগৰাকীয়ে অনিয়মৰ সকলো তথ্য পোহৰলৈ অনাৰ পিছতোঁ কিয় এতিয়ালৈকে তদন্ত হোৱা নাই বুলি পৰিৱৰ্তনকামী চৰকাৰখনক প্ৰশ্ন উত্থাপন কৰি চাবুৱাত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷ সংগঠনটো শীঘ্ৰে তদন্তৰ দাবী উত্থাপন কৰি চাবুৱা ৰাজহ চত্রু বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তক এখন স্মাৰক পত্র প্ৰদান কৰে। কাৰ্যসূচীত মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সাধাৰণ সম্পাদক উজ্জল বৰুৱা, মটক যুৱ-ছাত্র সন্মিলন, অসমীয়া যুৱ মঞ্চৰ লগতে বিভিন্ন দল-সংগঠনে সহযোগ কৰে৷