দৰিদ্ৰৰ বাবে নাই এটুপি খোৱাপানী, ৯০ শতাংশ আঁচনি বিকল, কাউলীত ৰাইজে সেৱন কৰে নৈৰ পানী

newsnextone.com | তামুলপুৰঃ আমাৰ দেশৰ তথা ৰাজ্য খনৰ দৰিদ্ৰ, গৰীৱ, খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ন কৰে চৰকাৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি জনসাধৰণৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ন কৰে৷ ৰাজকোষৰ কোটি কোটি টকা চলাধ কৰা হয়৷ মন্ত্ৰী-আমোলাৰ জৰিয়তে এনে আঁচনিসমূহ ৰূপায়ন কৰি জনসাধৰণক সেৱা কৰাৰ চেষ্টা কৰে চৰকাৰে৷ কিন্তু প্ৰকৃততে এনে আঁচনি সমূহৰ পৰা জনসাধৰণে কল্যাণ লাভ কৰে নে৷ যদি গ্ৰাম্য অঞ্চলত ৰূপায়ন কৰা বিভিন্ন আঁচনি প্ৰত্যক্ষ কৰিলে প্ৰতিখন চৰকাৰেই ফেইল মৰা দেখা যায়৷ জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষিলৈ৷ শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্যলৈ সকলো আঁচনিয়েই গ্ৰাম্য এলেকাত ফেইল মৰা দেখা যায়৷ 

বিভিন্ন আঁচনি ৰূপায়ণ হয় যদিও সেই সমূহ মেৰামতি, চোৱা চিতা কৰাৰ অভাৱত জহি-খহি যায়৷ বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমূহ বৰ্তমান তেনে ৰূপ লৈছে৷ অসমৰ গাঁৱে-ভূঞে স্থাপন কৰা আঁচনি সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ বহু পানী যোগান আঁচনিত ট্ৰেন্সফৰ্মাৰ সমূহ বিকল হৈ পৰিছে৷ পাইপ সমূহ ফুটি নষ্ট হৈছে৷ আঁচনি সমূহৰ চৌহদৰ পকী দেৱাল সমূহ বাগিৰ পৰিছে টেংকী সমূহ গছ-গছনি লতাই মেৰিয়াই ৰাখিছে৷ মুঠৰ ওপৰত অসমৰ গ্ৰাম্য অঞ্চলৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল হৈ পৰিছে৷

অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপনী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখ নাযায়৷
তৰুণ গগৈ চৰকাৰৰ তিনিটা কাৰ্যকালত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন ঠাইত স্থাপন কৰিছিল পানী যোগান আঁচনি সমূহ৷ বিশুদ্ধ পানী যোগানাৰ বাবে স্থাপন কৰা আঁচনি সমূহ এতিয়া এৰাবাৰীত পৰিণত হৈছে৷ পৰিৱৰ্তনৰ কথাকৈ ভোট লৈ চৰকাৰ গঠন কৰা তিনিটা দলে আজিও ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰি লেতেৰা ৰাজনীতিহে কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷

পৰিবৰ্তনৰ কথা কৈ ভিআইপিত পৰিণত হোৱা মন্ত্ৰী-বিধায়কসকলে এতিয়া দৰিদ্ৰ, গৰীৱৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ যোৱাৰ পিছতে সম্ভ্ৰান্ত হৈ পৰা মন্ত্ৰী-বিধায়কসকল এতিয়া হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে৷ কিন্তু গ্ৰাম্য অঞ্চলৰ লোকসকলে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ যাৰ ফলত ক্ষোভিত ৰাইজে মন্ত্ৰী-বিধায়ক, ক্ষোভ উজাৰিবলৈ আৰম্ভ কৰিছে৷ পূৰ্বৰ চৰকাৰে পানী যোগানৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও সেয়াও ভেকোভাঁওনাত পৰিণত হয়৷ 

গাঁৱৰ বহু ঠাইত পানী যোগানৰ বাবে টেপ বহুৱাই ৰাম ঠগন দিয়ে জনস্বাস্থ্য্ কাৰিকৰি বিভাগে৷ কেৱল ঠিকাদাৰৰ স্বাৰ্থত স্থাপন কৰা পানী যোগান আঁচনিয়ে আজিলে পানী দিব পৰা নাই৷ কিন্তু গ্ৰাম্য এলেকাৰ পানী যোগান আঁচনিখন বিকল হৈ পৰে। পানী যোগানৰ বাবে স্থাপন কৰা টেংকি, পাম্প হাউজ, নলা, টেপ আদি ব্যৱহাৰ নোহোৱাত ক্ৰমান্বয়ে মামৰে ধৰি ভাঙি-ছিঙি যাব ধৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিটোৰ অচলাৱস্থাৰ বাবে একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম অৱহেলা আৰু ঠিকাদাৰৰ অকৰ্মন্যতাই দায়ী বুলি অভিযোগ উত্থাপন হৈছে৷ 

বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে খিৰতী গাইত পৰিনত হৈছে আঁচনি সমূহ৷ কিয়নো মেৰামতিৰ বাবে বছৰি টকা মোকলাই আনে যদিও সেই টকা মেৰামতিৰ কামত ব্যৱহৃত হোৱাৰ বিপৰীতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ জেপত সোমায়। বিভাগীয় মন্ত্ৰীগৰাকীয়েও বিশেষ গুৰুত্ব প্ৰদান কৰা দেখ নাযায়৷ আমাৰ হাতত পৰা বেচৰকাৰী তথ্য মতে, ৰাজ্য খনৰ গ্ৰাম্য এলেকাৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল৷ সময়ে সময়ে আঁচনি সমূহ মেৰামতি কৰাৰ বাবে টকা মুকলি কৰি দিয়া হয় যদিও সেয়া অবাবতে খৰচ হয় বুলি অভিযোগ উত্থাপন হয়৷ কিয়নো তেনে টকাৰে কোনো দিনে আঁচনি মেৰামতি কৰি পানী যোগান ধৰা দেখা নাযায়৷

ৰাজ্যৰ জনস্বাস্থ্য মন্ত্ৰী বিটিএডিৰ বাসিন্দা হোৱাৰ পিছতোঁ লজ্জাজনক ভাৱে বিটিএডিৰ ৪খল জিলাৰ বিশুদ্ধ খোৱাপানী যোগান সমূহ বিকল৷ যাৰ ফলত এটুপি খোৱাপানীৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হয়৷ বিটিএডিৰ আন তিনি খন জিলাৰ লগতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ বিধানসভা সমষ্টিৰ গাঁওঁসমূহত ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ সীমান্তৰ অধিকাংশ খোৱাপানী যোগান আঁচনি দীৰ্ঘদিন ধৰি পৰত্যক্ত আৰু বিকল হৈ আছে৷ এই আঁচনি সমূহ সময়ে সময়ে মেৰামতিৰ নামত লাখ লাখ আৱণ্টন দিয়ে যদিও আঁচনিৰ পৰা পানী হলে লাভ নকৰে ৰাইজে৷ পানী যোগান আঁচনি সমূহ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ বিটিচি কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীক আওকাণ কৰাৰ অভিযোগ উত্থাপন হয়৷

ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অমনোযোগিতাৰ লগতে বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহীৰ বাবে তামুলপুৰ অঞ্চলৰ ২০০খন গ্ৰাম্য অঞ্চলৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি দীৰ্ঘদিন ধৰি বিকল হৈ থকাৰ লগতে আঁচনি সমূহৰ সম্প্ৰতি চিন চাব নোহোৱা হোৱাৰ উপক্ৰম হৈছে। বাক্সা জিলাৰ কাউলি পানী যোগান আঁচনিৰো একেই অৱস্থা৷ বিগত কেইবাবছৰ আগতে লাখ লাখ টকা ৰাজকোষৰ ধন ব্যয় সাপেক্ষে নিৰ্মিত কাউলী পানী যোগান আঁচনি খনৰ সম্পূৰ্ণ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছতোঁ ৰাইজক খোৱাপানী যোগান ধৰিব পৰা নাই৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবেই স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

নিয়মীয়া পানী যোগান আঁচনিৰ পৰা বঞ্চিত স্থানীয় যুৱকসকলে কাউলি পানী যোগান কেন্দ্ৰত উপস্থিত হৈ অসম চৰকাৰ হায় হায়, আমাক পানী যোগান দিয়াক শ্ল’গানেৰে কাউলি পানী যোগান আঁচনি কেন্দ্রত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। বছৰৰ মূৰকত কেৱল এদিন বা দুদিন পানী দিয়ে বিভাগীটোৰ লোকে দায়িত্ব সামৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। ইপিনে বৃহত্তৰ কাউলী অঞ্চলৰ নাৰায়ণপুৰ, বিসংগপুৰ, নাগাপুৰ আদি অঞ্চলৰ ৰাইজৰ জ্বলন্ত ৰূপ ধাৰণ কৰিছে বিশুদ্ধ খোৱাপানীৰ সমস্যাই। 

পাহাৰীয়া এলেকা হোৱাৰ বাবে কুঁৱা, দমকল আদি বহুৱাবলৈ সক্ষম নোহোৱা অঞ্চলটোৰ লোকে একবিংশ শতিকাৰ পিছতো পাহাৰীয়া নৈ, নিজৰা, পুখুৰী আদিৰ পানী সেৱন কৰিব লগা হয়৷ যাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিতিৎসাৰ নামত অৰ্থনৈতিক দিশত জুৰুলা হৈ পৰিব লগা হৈছে৷ বৃহত্তৰ কাউলী অঞ্চলৰ নাৰায়ণপুৰবাসীয়ে সম্প্ৰতি ৰাজহুৱা ভাৱে বাগমাৰা চ’কস্থিত মটৰ চলিত পাইপেৰে কোনোমতে পানী যোগান ধৰি আহিছিল যদিও সেইটোও সম্প্ৰতি বিকল হৈ পৰে৷

পৰিত্যক্ত আঁচনিসমূহ স্থানীয় ৰাইজে পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও বিভাগটোৰ বিষয়া-কৰ্মচাৰী, বিধায়ক, মন্ত্ৰীয়ে গুৰ্তব প্ৰদান কৰা দেখা নাযায়৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ২০০টা পানী যোগান আঁচনিৰ ভিতৰত কেৱল মাত্ৰ ৫-১০ খন পানী যোগান আঁচনিহে কাৰ্যক্ষম হৈ আছে। কিন্তু এইক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়বদ্ধতা আছে নে নাই তাকেই লৈ সচেতন মহলে প্ৰশ্নৰ অৱতাৰণা কৰিছে।