ফিল'বাৰীত পংকজ নেওগ নামৰ যুৱকক হত্যা, তীব্ৰ উত্তেজনা

ফিল'বাৰীঃ নৱবৰ্ষৰ আনন্দ উলাহৰ মাজতে এটি হত্যাকাণ্ডই জোকাৰিছে তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলক৷ নিশা দুৰ্বত্তই নৃশংস ভাৱে হত্যা কৰে এজন সৰবৰহী যুৱকক৷ হত্যাকাণ্ডই চীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

দুৰ্বৃত্তই ফিল'বাৰীৰ বৰডুবি চাহ বাগিচাত পংকজ নেওগ নামৰ যুৱক এজনক হত্যা কৰি মৃতদেহ পেলাই থৈ যায়৷ বৰডুবি চাহ বাগিচাত পুৱাই একাংশ লোকে মৃতদেহ প্ৰত্যক্ষ কৰে৷ অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷