
চামগুৰিঃ ১৯৮১ চনত এটি গুটি স্থাপন কৰিছিল কেইজনমান লোকে৷ আজি যেন বটবৃক্ষ হ’ল৷ অনিৰ্বাণ গোষ্ঠী৷ এজোপা ডাঙৰ গছলৈ ৰূপান্তৰিত হ'ল হৈ ডালে-পাতে জাতিষ্কাৰ হ'ল অনিৰ্বাণ গোষ্ঠী। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ। শুকুৰবাৰে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত অনিৰ্বাণ গোষ্ঠীৰ সভাপতি প্ৰফুল্ল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনিৰ্বাণ গোষ্ঠীৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন আৰু প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এটা অনুষ্ঠানৰ কাৰ্যক্ৰমণিকাই জনসাধাৰণক উৎসাহিত কৰে বুলি কয়।
এই অনুষ্ঠানটোৱে কেৱল পুৰণিগুদামতেই নহয় সমগ্ৰ ৰাজ্যখনতে সাহিত্য, কলা, সংস্কৃতিৰ ক্ষেত্ৰখনত সুৱাস বিলাবলৈ সক্ষম হৈছে। অনিৰ্বাণ গোষ্ঠীৰ সাধাৰণ সম্পাদক জ্যোতিৰ্ময় গোস্বামীয়ে আঁত ধৰা সভাখনত সু-সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড০ জয়শ্ৰী গোস্বামী মহন্ত মুখ্য অতিথি ৰূপে উপস্থিত থাকি "অনিৰ্বাণ" নামতোৰ লগত কামৰ সামঞ্জস্য থকা এটা অনুষ্ঠান বুলি কয়। এই অনুষ্ঠানে ভৱিষ্যত পৰিকল্পনাৰে অনাগত দিনতো পূৰ্বৰ কৃৰ্তিত্ব অক্ষুণ্ণ ৰাখি কাম কৰি যাব পৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।
সাহিত্যিক গৰাকীয়ে লগতে আজি লাচিত দিৱসৰ দিনটোতে লাচিতৰ কৰ্মপ্ৰেৰণাৰে অনাগত দিনবোৰতো অৰ্নিবান গোষ্ঠীৰ সদস্যসকলক কাম কৰি যাবলৈ আহ্বান জনায়৷আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কৰে গোষ্ঠীৰ সভাপতি প্ৰফুল্ল শইকীয়াই। পুৰণিগুদাম বিদ্যানিকেতনৰ শিক্ষয়িত্ৰী দীপ্তি বৰাই পৰিবেশন কৰা বৰগীতৰে শুভাৰম্ভ কৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত গোষ্ঠীৰ উপদেষ্টা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন, শিক্ষাবিদ পুলিন হাজৰিকা উপস্থিত থাকি ভাষন প্ৰদান কৰে।
মুঠ ৩২ লাখ ৫৬ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা গোষ্ঠীৰ প্ৰস্তাৱিত নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অনাগত দিনত অৰ্থ সাহাৰ্য্যৰ প্ৰয়োজন হ'লে সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰে। আজিৰ সভাৰ আৰম্ভণিতে নাট্য জগতৰ বলিষ্ঠ অভিনেতা তথা গোষ্ঠীৰ প্ৰতিষ্ঠাপক সদস্য পুৰণিগুদামৰ প্ৰয়াত নীলু শৰ্মাৰ আত্মাৰ সদগতি প্ৰাপ্তিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ ইয়াৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়লৈ গৈ বিষয়া-কৰ্মচাৰী আৰু চিকিৎসালয় পৰিচালনা সমিতিৰ লগত বৰ্তমানৰ চিকিৎসালয়ৰ পৰিস্থিতিৰ সম্পৰ্কত মত-বিনিময় কৰে। চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়ৰ উন্নয়ন প্ৰসঙ্গত প্ৰাক্তন মুখ্যমন্ত্ৰী জনক এখন আবেদন পত্ৰ প্ৰদান কৰে। উক্ত অনুষ্ঠানত ড০ জয়শ্ৰী গোস্বামী মহন্তৰ লগতে অগপৰ নিৰঞ্জন বৰা, প্ৰবীণ বৈৰাগী, ভূৱন শইকীয়া, জয়ন্ত কুমাৰ শৰ্মা উপস্থিত থাকে৷