মেঘালয়ত প্ৰাক্তন মন্ত্ৰী চায়েদুল্লাৰ হৈ প্ৰচাৰ চলালে প্ৰফুল্ল মহন্তই

মেঘালয়ঃ একালৰ বৰ অসমৰ অংগ চুবুৰীয়া ৰাজ্য মেঘালয়ত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে দেওবাৰে মেঘালয় ভ্ৰমণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷

মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ টিক্ৰিকিল্লা সমষ্টিত এখন নিৰ্বাচনী সভাত অংশ লৈ মহন্তই প্ৰাক্তন মন্ত্ৰী চায়েদুল্লা নংগ্ৰুমৰ হৈ প্ৰচাৰ চলায়৷

টিক্ৰিকিল্লা সমষ্টিত কেইবাগৰাকী অগপৰ নেতা-কৰ্মী সৈতে উপস্থিত হৈ নিৰ্দলীয়া প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাই৷ মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী তথা জনপ্ৰিয় নেতা চায়েদুল্লা নংগ্ৰুমে বিধানসভা নিৰ্বাচনত টিক্রিকিল্লা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে৷

প্ৰফুল্ল কুমাৰ মহন্তৰ বন্ধু ৰূপে জনজাত চায়েদুল্লাৰ হৈ ভোট ভিক্ষা কৰে মহন্তই৷ প্ৰাক্তন মন্ত্ৰী চায়েদুল্লাক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৰাইজক।