অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ অৱস্থান ধৰ্মঘটৰ স্থান সলনি

তুলসীবাৰীঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীৰ মিথ্যাচাৰ আৰু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণত বাৰে বাৰে বিলম্ব কৰাৰ প্ৰতিবাদকল্পে গান্ধীজয়ন্তীৰ দিনা পুনৰ ৰাজপথত নামিব বুলি ঘোষণা কৰিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই৷

ৰঙিয়াৰ কেন্দুকোণাত ইতিপূৰ্বে অনুষ্ঠিত ঐক্যমঞ্চৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে মহানগৰীৰ দীঘলি পুখুৰী পাৰত উক্ত কাৰ্যসূচী ৰুপায়নৰ বাবে  নিৰ্বাচন কৰা  হৈছিল৷

কিন্তু গুৱাহাটী মহানগৰীৰ কেতবোৰ স্থানত ১৪৪ ধাৰা জাৰি থকাৰ পৰিপ্ৰেক্ষিতত দুৰ্গা পূজাৰ বন্ধৰ সময়ত প্ৰশাসনৰ আগতীয়া অনুমোদন আদায় কৰিবলৈ অক্ষম নোহোৱাত স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

সংগঠনটোৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সম্পাদক ভূবনেশ্বৰ লহকৰ স্বাক্ষৰিত প্ৰেছ বিবৃতি যোগে এই কথা সদৰি কৰি পূৰ্ব নিৰ্দ্ধাৰিত স্থানৰ পৰিৱৰ্তে আমিনগাঁও স্থিত ৰাজীব গান্ধী ইণ্ড’ৰ ষ্টেডিয়ামৰ ওচৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷

প্ৰাদেশিকীকৰণ বিষয়টো পিছুৱাই থাকি অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদকল্পে আয়োজিত প্ৰতিবাদী কাৰ্য্যসূচীত সৰ্বস্তৰৰ ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক নৱ নিৰ্দ্ধাৰিত স্থানত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে ঐক্যমঞ্চৰ নেতৃবৃন্দই৷