বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৰুলে ৪,৫০০ গছপুলি

বাঘবৰঃ বন বিভাগত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়েও বিচাৰে ৰাজ্যখন সেউজীয়া হওক৷ পাহাৰবোৰ গছেৰে ভৰি পৰক৷ পথৰ দাতিৰ বট বৃক্ষৰ তলত মানুহে জুৰ লওক৷ ৰাজ্য চৰকাৰেও প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন, ৰোগ নিৰাময় তথা গোলকীয় উষ্ণতা ৰোধৰ বাবে বিভিন্ন ঔষধি গছপুলি ৰোপণ কৰাৰ বাবে কাৰ্যসূচী হাতত লৈছে৷

বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান  আৰু খোদ বন বিভাগে এই গছ পুলি ৰোপণ কাৰ্যত একাণপতীয়াকৈ ব্যস্ত হৈ পৰা দেখা গৈছে৷ বৰপেটা জিলাৰ বাঘবৰৰ পাহাৰত সোমবাৰে বৰপেটা ৰোড আঞ্চলিক বন বিষয়া কাৰ্যালয়ে বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে বৰপেটা ৰোড আঞ্চলিক বন বিষয়া পুস্পধৰ নাথে।

অনুষ্ঠানটোত বন পালক মুনিন্দ্ৰ তালুকদাৰ, বৰপেটাৰ খণ্ড বন বিষয়া ধীৰাজ দাস, অচিন্ত দেউৰী খইৰাবাৰী, বিপুল চৌধুৰী, কন্দৰ্প দাস সহিতে অৰ্ধশতাধিক বন কৰ্মচাৰী উপস্থিত থাকি বৃক্ষৰোপণ কৰে৷ বন বিভাগৰ লোকসকলে পাহাৰখনত নিজ হাতেৰে গছপুলি ৰোপণ কৰে।

বন বিষয়াসকলৰ বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশ লয় বাঘবৰ প্ৰেছ ক্লাৱৰ সভাপতি শ্বহিদুল ইছলামে। চেগুন, তিতাচপা, বনছোম আদিকে ধৰি সৰ্বমুঠ ৪,৫০০ গছপুলি ৰোপণ কৰে কৰ্মচাৰীসকলে। বাঘবৰ পাহাৰৰ গছ-গছনি চোৱাচিতা কৰি ৰাখিবলৈ ৰাইজক আহ্বান জনায় বন বিভাগে৷ এই বৃক্ষই পাহাৰখনৰ আৰু অধিক সৌন্দয্য বৃদ্ধি কৰিব বুলি বন পালক মুনীন্দ্ৰ তালুকদাৰে মত ব্যক্ত কৰে।