বিদ্যালয় এৰাৰ পূৰ্বে ৰুই থৈ গল একোডালকৈ বৃক্ষ

মোৰাঝাৰ/হোজাইঃ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাই আহিল বৃক্ষৰোপন কৰিবলৈ৷ হোজাই জিলাৰ নীলবাগানৰ নৱজ্যোতি একাডেমীৰ মঙলবাৰে দশম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীয়ে বিদায় সভা অনুষ্ঠিত হয়৷ বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ পূৰ্বে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে মহানিমৰ পুলি ৰোপন কৰি থৈ যায়৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱজ্যোতি একাডেমীৰ প্ৰধান শিক্ষক আব্দুল কালামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৃক্ষৰোপনৰ দৰে মহৎ কাম কৰা ছাত্ৰ-ছাত্ৰীসকলক জীৱনত আগবাঢ়ি যোৱাৰ লগতে চৰিত্ৰবান হবলৈ আহ্বান জনায় শিক্ষকসকলে৷ শিক্ষক মাহমুদ আলীয়ে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ পাঠ ভিত্তিক শিক্ষা গ্ৰহণ কৰে যদিও নৈতিক শিক্ষা অবিহনে কোনো ছাত্ৰ ছাত্ৰী প্ৰকৃতভাৱে শিক্ষিত হ’ব নোৱাৰে বুলি মন্তব্য কৰে৷

ভালদৰে পঢ়া শুনা কৰি ডক্টৰ নতুবা ইঞ্জিনিয়াৰ হৈ নিজৰ মাক দেউতাকক সন্মান কৰিব নজনা জনতকৈ গাঁৱৰ অশিক্ষিতজনেই ভাল বুলি তেওঁ নিজৰ ভাষনত উল্লেখ কৰে আৰু মালালা ইউচুফজাই, অৰুনিমা সিনহা, দশৰথ মাঞ্জী, মেৰী কম আদি মনিষীসকলৰ জীৱনৰ ঘটনাসমূহ উল্লেখ কৰি তেওঁলোকৰ দৰে মানসিক ভাৱে শক্তিশালী হৈ সু-শিক্ষাৰে সমাজ তথা দেশৰ মংগল সাধিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায়।

সভাৰ অন্তত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে পৰিবেশ ৰক্ষা কৰক, গছ পুলি ৰোপন কৰক, গছ নাই মানুহ নাই আদিৰ বেনাৰ ফেষ্টুন লৈ এক শোভযাত্ৰা উলিয়ায় আৰু বিদ্যালয়ৰ লগতে অঞ্চলটোত মহানিমৰ পুলি ৰোপন কৰে৷