জোনাইত বৃক্ষৰোপন কৰিবলৈ ওলাই আহিল যুৱ প্ৰজন্ম

জোনাইঃ একাংশ লোকে পাহাৰ গছ গছনি কাটি বন ধ্বংস কৰাৰ বিপৰীতে আন একাংশ লোকে আমাৰ ৰাজ্য খন সেউজীয়া কৰাৰ বাবে আগবাঢ়ি আহিছে৷ জোনাইৰ স্বেচ্ছাসেৱী অনুষ্ঠান চানৰাইছ ক্লাৱে প্ৰাকৃতিত ভাৰসাম্য ৰক্ষা কৰাৰ বাবে বৃক্ষৰোপণ কৰিবলৈ ওলাই আহে ওলাই অহা পৰিলক্ষিত হয়।

আজি পুৱাৰে পৰা দলে দাৰোগ হাউচৰ সৌজন্যত জোনাই মিগম দলুঙস্থিত নেপালীবস্তী অসামৰিক চিকিৎসালয়ৰ চৌহদ তথা চিকিৎসালয়ৰ পথৰ দুয়োকাষে বৃক্ষৰোপণ কৰে অনুষ্ঠানটোৱে৷ এই বছৰতে চানৰাইছ ক্লাৱে কেইবাখনো উন্নত মানৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও বিভিন্ন সমাজিক কাম কাম কাজ কৰি আহিছে৷

জ্যেষ্ঠ মিচিং নাগৰিক সন্থাৰ নেতা টুনিৰাম পেগুৱে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চানৰাইছ ক্লাৱৰ সভাপতি সম্পাদক ক্ৰমে ধৰমেন পেগু, ৰঞ্জিত চেত্ৰী আৰু দলে দাৰোগ হাউচৰ গৰাকী কৃষ্ণ দলেৰ লগতে অৰ্ধশতাধিক যুৱকে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।